ডিজিটেল ডেস্কঃ ৰাসৰ বতৰ, এনেও উদুলি-মুদুলি সত্ৰনগৰী মাজুলী। তাতে বৃহস্পতিবাৰে মাজুলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।পুৱাই যোৱা ৮ ছেপ্টেম্বৰত সংঘটিত দুৰ্ভাগ্যজনক নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিঃস্বাৰ্থভাৱে পীড়িতসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰাসকলৰ সাহসিকতাক অভিবাদন জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। কৃতজ্ঞতাৰ চিনস্বৰূপে মাজুলীত এনে ৫০গৰাকী সাহসী লোকক ২৫,০০০ টকাৰ চেক প্ৰদান কৰে অসম চৰকাৰৰ তৰফৰ পৰা।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণ ক্ষেত্ৰ পৰিদৰ্শন কৰি ইয়াৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত তেওঁ কয়- শিক্ষা আৰু গৱেষণাৰ যোগেদি মাজুলী আৰু ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰাত এই বিশ্ববিদ্যালয়খনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মই দৃঢ়বিশ্বাসী।
দুপৰীয়া ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামী অসামৰিক চিকিৎসালয়ত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা উদ্যমৰ অংশ হিচাপে নিৰ্মিত ৫খন বিছনাযুক্ত আই চি ইউ উদ্বোধন কৰে। ইয়াৰ পিছতে অলপো আজৰি নোলোৱাকৈ তেওঁ মাজুলীৰ বৰদুৱাত স্থাপন হ’বলগীয়া আদৰ্শ ডিগ্ৰী মহাবিদ্যালয়ৰ নিৰ্মাণ ক্ষেত্ৰ পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। সংশ্লিষ্ট বিষয়াসকলক অহা বছৰৰ পৰা মহাবিদ্যালয়খনৰ শিক্ষাবৰ্ষ আৰম্ভ কৰিব পৰাকৈ শীঘ্ৰেই নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
এই চাৰিটা কাৰ্যসূচীত ভাগ লোৱাৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই মাজুলীৰ ফুলনিত আয়ুস চিকিৎসালয়ৰ নিৰ্মাণকাৰ্যৰ স্থিতি পৰ্যালোচনা কৰে। তাৰ পাছতে মাজুলীত নিৰ্মাণকাৰ্য চলি থকা গাৰ্লছ পলিটেকনিক প্ৰতিষ্ঠানৰ পৰিসৰ পৰিদৰ্শন কৰি কামৰ বুজ লয়। চৰকাৰী কামৰ মাজতে মিত্ৰদল অগপৰ কাৰ্যালয়লৈ যাবও নাপাহৰিলে মুখ্যমন্ত্ৰীয়ে। মাজুলী জিলা অগপৰ গড়মূৰস্থিত মুখ্য কাৰ্যালয়ত জিলা অগপৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলৰ সভাত অংশগ্ৰহণ কৰে তেওঁ।
অগপৰ কাৰ্যালয়ৰ পৰা মাজুলী জিলা বিজেপি আৰু সন্মিলিত গণ শক্তিৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলৰ সৈতে আজি গড়মূৰ মিনি ষ্টেডিয়ামত এক মত-বিনিময় অনুষ্ঠানত অংশ লয় হিমন্ত বিশ্ব শৰ্মাই। সন্ধিয়াভাগলৈ ৰাস পূৰ্ণিমাৰ পৱিত্ৰ সন্ধিয়া মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰীগড়মূৰ সত্ৰত উপস্থিত হৈ ৰাজ্যবাসীৰ কুশল-মংগল কামনাৰে সেৱা আগবঢ়ায় ডঃ শৰ্মাই। ইয়াৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ, গড়মূৰ সৰুসত্ৰ দৰ্শন কৰাৰ লগতে শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰত অনুষ্ঠিত ১৮১সংখ্যক ৰাস মহোৎসৱত অংশগ্ৰহণ কৰে। মুঠৰ ওপৰত বৃহস্পতিবাৰে পুৱাৰে পৰা অলপো আজৰি নোলোৱাকৈ কমেও ১০-১২টা অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ এই এক্টিভ মুড দেখি সকলোৱে ছচিয়েল মিডিয়াত চৰ্চা হৈছে- ভাগৰ নালাগে নেকি মুখ্যমন্ত্ৰীৰ?