ডিজিটেল ডেস্কঃ দেখাত সাধাৰণ। পোছাক-পৰিচ্ছদো সাধাৰণ। কিন্তু তেওঁ হৈছে এচিয়াৰ সবাতোকৈ ধনী মহিলা। তেওঁৰ নাম হৈছে সাবিত্ৰী জিন্দাল। বিগত প্ৰায় ৫ বছৰ ধৰি এছিয়াৰ আটাইতকৈ ধনী মহিলা হিচাপে প্ৰথম স্থানত থকা চীনৰ য়াং হুইয়ানক অতিক্ৰম কৰিছে ভাৰত সাৱিত্ৰী জিন্দালে। বৰ্তমান সাৱিত্ৰী জিন্দাল হৈছে এচিয়াৰ সবাতোকৈ ধনী মহিলা। ২০২২ৰ এপ্ৰিল মাহলৈকে সাৱিত্ৰী জিন্দালৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৫.৬ বিলিয়ন ডলাৰলৈ উত্থান হয়। বৰ্তমান সাৱিত্ৰী জিন্দালৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৮ বিলিয়ন ডলাৰ।
ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, যোৱা পাঁচ বছৰ ধৰি এছিয়াৰ আটাইতকৈ ধনী মহিলা য়াং হুইয়ানৰ বাবে ই এক নাটকীয় হ্ৰাস পাবলৈ লৈছে।
২০২১ চনত ফৰ্বচৰ ধনী ভাৰতীয়ৰ তালিকাৰ শীৰ্ষ ১০ ৰ ভিতৰত থকা একমাত্ৰ মহিলা হৈছে সাৱিত্ৰী জিন্দাল। ৭২ বছৰীয়া সাৱিত্ৰী জিন্দাল অসমৰ জীয়ৰী। তেওঁৰ জন্ম তিনিচুকীয়া চহৰত ১৯৫০ চনৰ ২০ মাৰ্চত হৈছিল। তিনিচুকীয়াৰ প্ৰখ্যাত ৰাছিৱাছিয়া পৰিয়ালৰ কন্যা সাৱিত্ৰী দেৱী