ডিজিটেল ডেস্কঃ সময় মতে স্কুলত উপস্থিত নোহোৱাৰ বাবে এগৰাকী শিক্ষয়ত্ৰীয়ে শিক্ষাৰ্থীক চাফা কৰিবলৈ দিলে লেট্ৰিন। আচৰিত যেন লাগিলেও তেনে এক ঘটনাই সংঘটিত হৈছে এইখন দেশত। এগৰাকী শিক্ষয়ত্ৰীৰ এই কাণ্ডক লৈ ইতিমধ্য সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, কৰ্ণাটকৰ গাডাগ জিলাৰ এখন বিদ্যালয়ত কেইগৰাকীমান ছাত্ৰী স্কুলত পলমকৈ অহাৰ বাবে লেট্ৰিন চাফা কৰিবলৈ দিয়ে। ইয়াৰ পিছতে এই ভিডিঅটো শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। শিক্ষয়ত্ৰী গৰাকীৰ এই কাৰ্যৰ বিৰুদ্ধে ইতিমধ্যে জিলা প্ৰশাসনে তদন্তৰ ঘোষণা কৰিছে।
শিক্ষা বিভাগে তদন্ত শেষ নোহোৱালৈকে শিক্ষয়ত্ৰীগৰাকীক চাকৰিৰ পৰা অব্যাহতি প্ৰদান কৰিছে। লেট্ৰিন চাফা কৰিবলৈ দিয়া ছাত্ৰী কেইগৰাকী ষষ্ঠ আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত বুলি জানিব পৰা গৈছে। যোৱা ১২জুলাইতে এই ঘটনা সংঘটিত হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।