1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:49 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

সাক্ষাতকাৰত আব্দুল কালামে সাংবাদিকক ওলোটাই প্ৰশ্ন কৰিছিলঃ আপোনালোকে কেৱল বেয়াটোকে কিয় দেখা পায়…

  • Update Time : Wednesday, July 27, 2022

ডিজিটেল ডেস্কঃ আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ মৃত্যুবাৰ্ষিকী। আজিৰ দিনটোত তেওঁৰ মহান ব্যক্তিত্বক সুৱৰি বিভিন্ন কথা চৰ্চালৈ আহিছে। তাৰ ভিতৰত চৰ্চালৈ অহা এটা ঘটনা এনেধৰণৰ-

এবাৰ ডঃ এ পি জে আব্দুল কালামে সাক্ষাতকাৰ লোৱা এজন প্ৰখ্যাত সাংবাদিকক ওলোটাই প্ৰশ্ন কৰিছিল। কওকচোন বাৰু আমাৰ সাংবাদিক তথা সংবাদ মাধ্যম বোৰৰ মানসিকতা ইমান নেতিবাচক কিয়? আমি কিয় আমাৰ নিজৰ শক্তি নিজৰ সফলতাক স্বীকাৰ কৰিবলৈ টান পাওঁ‌, অনীহা প্ৰকাশ কৰো। আমি এখন মহান দেশত বাস কৰো । আমাৰ অসংখ্য সফলতাৰ কাহিনী আছে। কিন্তু সেই কাহিনীবোৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত কৃপনালি কৰো। কিয়?

আমি বিশ্বৰ দ্বিতীয় ধান উৎপাদন কাৰী দেশ। বিশ্বৰ গাখীৰ উৎপাদন কাৰী দেশৰ ভিতৰত প্ৰথম । আমি দূৰ সংবেদন উপগ্ৰহ নিৰ্মানৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথম। ডঃ সুদৰ্শন নামৰ ব্যক্তি গৰাকীয়ে জনজাতি অধ্যুষিত এখন গাঁ‌ৱক আত্মনিৰ্ভৰ্শীল গাঁ‌ৱলৈ ৰূপান্তৰিত কৰিছে । এনেকুৱা হাজাৰটা সফলতাৰ কাহিনী আমাৰ আছে । কিন্তু আমাৰ সংবাদ মাধ্যমে কেৱল বেয়া খবৰ, অসফলতা আৰু বিপৰ্যয়ৰ বাতৰিহে প্ৰকাশত অগ্ৰাধিকাৰ দিয়ে ।

ডঃ কালামে সাংবাদিক গৰাকীক উদ্দেশ্যি কৈছিল – তেখেতে এবাৰ টেল আভিবলৈ যাওতে ইজৰাইলী বাতৰিকাকত এখন পঢ়িবলৈ সুবিধা পাইছিল। সেই সময়ত তাত সাংঘাতিক ধৰনে বোমা বিস্ফোৰন , আক্ৰমন , প্ৰতি আক্ৰমন হৈ বহুতো লোক হতাহত হৈছিল। ইজৰাইলৰ হামা সকলো বিধ্বস্থ হৈছিল। কিন্তু তেতিয়া বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম দখল কৰিছিল এখন সুন্দৰ ছবিয়ে যিখন আছিল এজন ইহুদী ভদ্ৰলোকে সুদীৰ্ঘ পাঁ‌চ বছৰ কঠোৰ প্ৰচেষ্টাৰ অন্তত মৰুভূমিৰ এটা অংশক এখন সুন্দৰ সেউজ বাগিছালৈ ৰূপান্তৰিত কৰিছিল। এনে ধৰণৰ অনুপ্ৰেৰণামূলক ছবিয়ে সকলোকে উৎসাহিত কৰি তোলে। হত্যা, বোমা বিস্ফোৰন, মৃত্যু এনেধৰণৰ বাতৰিবোৰ কাকত খনৰ ভিতৰৰ পৃষ্ঠাতহে স্থান পাইছিল, যিবোৰ আন বাতৰিয়ে নিস্প্ৰভ কৰি পেলাইছিল। আমাৰ ভাৰতৰ সংবাদ পত্ৰত আমি মাথো হত্যা, বেমাৰ, সন্ত্ৰাসবাদ, দুৰ্নীতি, অপৰাধ এইবোৰহে পুৱাতে পঢ়িবলৈ পাঁ‌ও। আমাৰ চিন্তাধাৰাবোৰ ইমান নেতিবাচক কিয়?

সাংবাদিকক কালামে কৰা এই প্ৰশ্নবোৰক আজিও বহু প্ৰাসংগিক বুলি ছচিয়েল মিডিয়াত চৰ্চা কৰিছে নেটিজেন সকলে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme