ডিজিটেল ডেস্কঃ বিশ্বৰ ধনী-শক্তিবান দেশৰ কথা ক’লেই পোনতেই আমাৰ মনলৈ আহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথা। কিন্তু এতিয়াৰে পৰা এই অভ্যাস সলনি কৰিব লাগিব আপুনিও। বিশ্বৰ প্ৰথমখন ধনী দেশৰ পৰা আমেৰিকাৰ স্থান তললৈ নামিল। বিশ্বৰ আটাইতকৈ ধনী দেশৰ স্থান লাভ কৰিছে চীনে।
বিশ্ৱৰ ভিতৰতে ধনাঢ্য দেশত পৰিগণিত হৈছে চীন। ভাৰতৰ চুবুৰীয়া দেশ চীনে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ধনী দেশৰ খিতাপ আঁজুৰি আনিবলৈ সক্ষম হৈছে। শেহতীয়া এক সমীক্ষাত পোৱা তথ্য অনুসৰি বিগত দুটা দশকত চীনৰ সম্পদৰ পৰিমান তিনিগুন বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে চীনৰ বৰ্ধিত অৰ্থনীতি। এই প্ৰতিবেদন অনুসৰি চীনে আমেৰিকাক চেৰ পেলাই বিশ্বৰ ধনী দেশৰ স্থান দখল কৰিছে।
মেককিনছেই এণ্ড কোম্পানী নামৰ এটা আন্তৰ্জাতিক সংস্থাৰ অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য। বিশ্বৰ অৰ্থনীতিলৈ ৬০ শতাংশতকৈও অধিক অৱদান আগবঢ়োৱা ১০ খন দেশৰ আয় ব্যয়ৰ খতিয়ান পৰীক্ষা কৰি এই তথ্য সদৰি কৰিছে সংস্থাটোৱে। ২০০০ ত ৰাষ্ট্ৰখনৰ সম্পদৰ পৰিমান আছিল সাত ত্ৰিলায়ন ডলাৰ। অথচ ২০২০ত এই পৰিমান বৃদ্ধি হৈ ১২০ ট্ৰিলিয়ন ডলাৰ হৈছে। প্ৰতিবেদন অনুসৰি, ২০০০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ সম্পত্তি আছিল ৯০ ট্ৰিলিয়ন ডলাৰ। প্ৰতিবেদন মতে আমেৰিকাত সম্পত্তিৰ মূল্য বৃদ্ধি নোহোৱাৰ বাবেই আমেৰিকাৰ সম্পত্তি চীনতকৈ কম হোৱাৰ বাবে এক নম্বৰ স্থান হেৰুৱাব লগা হৈছে যুক্তৰাষ্ট্ৰখনে।
উল্লেখ্য যে প্ৰায় ৪০ বছৰ পূৰ্বে চীনৰ অৱস্থা ভাৰততকৈ শোচনীয় আছিল। কিন্তু ১৯৭৮ চনৰ পিছৰ পৰা চীনে গ্ৰহণ কৰা নীতিৰ বাবে বৰ্তমান বিশ্বৰ এক নম্বৰ দেশত পৰিগণিত হৈছে চীন।