ডিজিটেল ডেস্কঃ প্ৰেমে জীৱনটো অতিকৈ সুন্দৰ কৰিব পাৰে, নাইবা ধ্বংসও কৰিব পাৰে। সেই কথা যুগে যুগে প্ৰমাণ হৈ আহিছে। শেহতীয়াকৈ সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ বিশ্ববাসীক আচৰিত কৰি তুলিছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ব্ৰিটেইনৰ ২২ বছৰীয়া প্ৰেমিক পেগ্ৰাম ৰিছ আৰু ৩১ বছৰীয়া প্ৰেমিকা মেৰী মেয়ৰ্ছ এ কামৰ পৰা ছুটী লৈ তুৰ্কীৰ ফুৰিবলৈ গৈছিল। তুৰ্কীৰ এখন হোটেলৰ কোঠাত দুয়ো ৰাতি বহুদেৰি লৈকে সুৰা পান কৰিছিল আৰু তাৰ পাছতেই দুয়োৰে মাজত বিভিন্ন কথাত কাজিয়া হয়।
প্ৰেমিকা গৰাকীয়ে ইমানেই সুৰাপান কৰিছিল যে কাজিয়াৰ মাজতে প্ৰেমিক পেগ্ৰাম ৰিছক হোটেলৰ কোঠাৰ পৰা তললৈ পেলাই দিয়ে। প্ৰায় ১০০ ফুট ওপৰৰ পৰা পৰি যোৱাৰ বাবে যুৱক জন থিতাতে নিহত হয়। হোটেলৰ তলত যুৱক জনৰ মৃতদেহটো দেখি হোটেল কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে । প্ৰথমে প্ৰেমিকাই এই ঘটনাৰ কথা অস্বীকাৰ কৰিছিল যদিও হোটেল কৰ্তৃপক্ষৰ ভাষ্যৰ পিছতে আৰক্ষীয়ে মেৰীক গ্ৰেপ্তাৰ কৰে। আদালতে মেৰিক দোষী সাব্যস্ত কৰি ২৪ বছৰৰ কাৰাদণ্ড ৰ শাস্তি দিয়ে।