ডিজিটেল ডেস্কঃ শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। শ্বহীদৰ পৰিয়ালটোক দেখা কৰিবলৈকে বাক্সালৈ ৰাওনা মুখ্যমন্ত্ৰীগৰাকীৰ।
শনিবাৰে মণিপুৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল সুমন স্বৰ্গীয়াৰীয়ে। ১৫ নবেম্বৰত সুমনৰ সামৰিক মৰ্যদাৰে শেষকৃত সম্পন্ন হয়। শ্বহীদৰ পৰিয়ালটোক দেখা কৰিবলৈ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাওনা হৈছে বাক্সাৰ ঠৈকাৰাকুছিত। সুমনৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সুমনৰ পৰিয়ালবৰ্গৰে মত-বিনিময় কৰাৰ লগতে শ্বহীদৰ পৰিয়ালটোলৈ ৫০ লাখ টকাৰ এখন চেকো প্ৰদান কৰিছে।