ডিজিটেল ডেস্কঃ সকলো ঠিকে ঠাকে থাকিলে অহা সপ্তাহত সাক্ষাৎ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত এক ৰাজনৈতিক সূত্ৰ অনুসৰি, অহা ২২নৱেম্বৰত প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে মন মেলিছে বংগৰ অগ্নিকন্যা মমতা দিদিয়ে। উল্লেখ কৰা প্ৰয়োজন যে, ২২নৱেম্বৰত দিল্লীলৈ গৈ ২৫ নৱেম্বৰতহে পুনৰ বংগলৈ ঘূৰিব মমতা দিদি।
প্ৰায়ে প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি থকা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে হঠাতে কিয় প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব তাক লৈও এতিয়া ৰাজনৈতিক মহলত সৰৱ চৰ্চা। কিন্তু সেই সন্দৰ্ভতো শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ হৈছে যে, এই সাক্ষাতত ৰাজ্যৰ বকেয়া ধন প্ৰদান আৰু সীমান্ত সমস্যাৰ সন্দৰ্ভত আলোচনা কৰ হ’ব। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰাও এই সাক্ষাতৰ বাবে সেউজ সংকেত দিছে বাতৰি প্ৰকাশিত হৈছে।
ইফালে চৰ্চা হৈছে যে, ৫দিনীয়া এই দিল্লী ভ্ৰমণসূচীৰ সময়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কংগ্ৰেছৰ কোনো নেতাক সাক্ষাৎ কৰিব নেকি? জানিব পৰা অনুসৰি এই সময়চোৱাত কোনো কংগ্ৰেছ নেতৃত্বক সাক্ষাৎ নকৰে তেওঁ। দলীয় কোনো কাম-কাজৰ বাবে এই ভ্ৰমণসূচী নহয় বুলি সদৰি কৰিছে বংগৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে। উল্লেখ্য যে, বিধানসভা নিৰ্বাচনত তৃতীয় বাৰৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি বিগত জুলাই মাহত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰিছিল চোনিয়া গান্ধীক।