1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:22 am

হে, অসমবাসী! ক্ষমা কৰক…

  • Update Time : Tuesday, November 16, 2021

ডিজিটেল ডেস্কঃ মানুহ মাত্ৰেই ভুল! কথাত কেতিয়াবা বঁটা পায়, কেতিয়াবা কটাও যায়। নকবলগীয়া কথা কৈয়েই তেনে এক নভৱা বিপদে লগ দিলে জনপ্ৰিয় নৃত্যশিল্পী ৰাঘৱ জুৱেলক। ঘটনাতো সংঘটিত হল এটা ৰাষ্ট্ৰীয় চেনেলত সম্প্ৰচাৰিত এটা অনুষ্ঠানত। নৃত্য প্ৰতিযোগিতাৰ এই অনুষ্ঠানটোত ভাগ লৈছে অসমৰ এগৰাকী কণমাণি গুঞ্জন সিনহাই। গুৱাহাটীৰ এই কণমাণিজনীক কিছুদিনৰ আগতে এটা খণ্ডত ৰাঘৱে তুলনা কৰিলে চীনা নাগৰিকৰ সৈতে। তাৰ পিছতে বনজুঁইৰ দৰে বিয়পি পৰিল ৰাঘৱে গুঞ্জনক লৈ কৰা এই মন্তব্যৰ ভিডিঅ ক্লীপ।

উত্তৰ-পূববাসীয়ে ৰাঘৱৰ এনে মানসিকতাক ধিক্কাৰ দিয়াৰ লগতে তেওঁৰ ওপৰত ব্যৱস্থগ্ৰহণ কৰাৰো দাবী তুলিলে। পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ পাছতে ৰাঘৱে পুুনৰ এটা ভিডিঅ নিজা ছচিয়েল মিডিয়া পেইজযোগে শ্বেয়াৰ কৰিলে। এই ভিডিঅটোত ৰাঘৱে ক’লে- মোৰ এনে কোনো উদ্দেশ্যই নাছিল। সমগ্ৰ অনুষ্ঠানটো চালে আপোনালোকৰ সেই ভুল ভাগিব। তথাপিও যদিহে মোৰ মন্তব্যৰ বাবে কাৰোবাৰ অন্তৰত আঘাত হানিছে তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme