ডিজিটেল ডেস্কঃ ৪জুলাই,২০১২। আজিৰ দিনটোৱেই আছিল ‘সুগন্ধি পখিলাৰ কবি’ হীৰুদা আঁতৰি যোৱাৰ দিন। কবিতাবোৰ নিথৰ হোৱাৰ দিন। নৱ প্ৰজন্মৰ তাৰুণ্য তগবগ ওঁঠত ওলমি থাকে যাৰ কবিতাৰ ভাবোচ্ছ্বাসিত গধুৰ পংক্তি, সেই কবি হীৰুদাৰ আজি দশম মৃত্যু বাৰ্ষিকী। হীৰেন ভট্টাচাৰ্যৰ ২০১২ চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটিছিল।
“তুমিতো জানাই এই কবিৰ আৰু একো নাই। এটাই মাথোঁ কামিজ, তাৰো ছিগো ছিগো চিলাই…” হয়তো আছিল হীৰুদাৰ আটাইতকৈ চিনাকি ছন্দ। সেইদৰে “ফুল-আলসুৱা তোমাৰ / মুখৰ শইচ-সোণালী হাঁহি /অযুত তৰাৰ ঘুমটি ভাঙি / যেন সূৰ্য আহিছে নামি!…আন এটি জনপ্ৰিয় পংক্তি।
জীৱন কালত ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পোৱাৰ লগতে লগতে বাঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে। প্ৰজন্মৰ পিছত প্ৰজন্মই আওৰাই আহিছে তেওঁৰ মৌ পৰশা সৃষ্টি। ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল হীৰুদাই। সুগন্ধি পখিলাৰ কবিগৰাকীক প্ৰেম আৰু ৰ’দালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে।
তেখেতৰ জন্ম হয় ১৯৩২ চনত অসমৰ যোৰহাটত। পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য। তেখেতৰ পিতৃ এজন জেইলাৰ আছিল। পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেওঁৰ শিক্ষাজীৱন ডিব্ৰুগড়ৰপৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ কেইবাখনো চহৰত অতিবাহিত হৈছিল।
ডিব্ৰুগড়ৰ গ্ৰেহাম বজাৰ এম.ই. স্কুলত হীৰেন ভট্টাচাৰ্যৰ পঢ়াশলীয়া জীৱন আৰম্ভ হয়। পিছে তাত শিক্ষা শেষ নৌহওঁতেই দেউতাক পুনৰ বদলি হয় তেজপুৰলৈ। সেয়েহে তেওঁ শিক্ষা শেষ হয় তেজপুৰত। অকল তেজপুৰেই নহয়, মঙলদৈ, গোলাঘাট, গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত তেওঁ শিক্ষাগ্ৰহণ কৰিছিল। ১৯৪৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰপৰা তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত বি. বৰুৱা কলেজত নামভৰ্তি কৰে।
ল’ৰালিৰ কালছোৱাত হীৰেন ভট্টাচাৰ্যৰ এটা প্ৰিয় কাম আছিল শাক-পাচলি ৰোৱা আৰু ফুলৰ খেতি কৰা। দেউতাক জেইলাৰ হোৱাৰ বাবে তেওঁ জেলৰ ভিতৰত প্ৰিয় কামখিনি কৰি থাকিবলৈ সুবিধা পাইছিল। কিন্তু পঢ়া-শুনা, ঘৰুৱা কাম-কাজ আদি কৰাৰ পাছতো তেওঁ বেছিভাগ সময় আনমনা, অস্থিৰ আৰু কেতিয়াবা বিমৰ্ষ আছিল। বন্ধুহঁতে হৈ-হাল্লা কৰি উৎফুল্ল হৈ থকা সময়ত তেওঁ দূৰণিৰপৰাই সেই দৃশ্য চাই থাকে নাইবা ঘৰৰ এচুকত চকী এখনত মনে মনে বহি থাকে। কেতিয়াবা আঁঠুটোতে মূৰটো গুজি থয়।
বহু কম বয়সৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ হয় ১৯৫৭ চনত। ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ হয়। ইয়াৰ পিছত বিভিন্ন দিনৰ কবিতা (১৯৭৪), কবিতাৰ ৰ’দ (১৯৭৬) আৰু তোমাৰ গান (১৯৭২) সংকলনকেইখন প্ৰকাশ পায়। কবিৰ সুগন্ধি পখিলা (নিৰ্বাচিত কবিতা সংকলন ১৯৮১) আৰু শইচৰ পথাৰ মানুহ (সংগ্ৰহীত কবিতা ১৯৯১), মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকা মাটি তেওঁৰ কবিতাৰ আটাইতকৈ উজ্জ্বল দিশ। ভট্টাচাৰ্যৰ সৰু সৰু কবিতা কিছুমানৰ মাজত থকা এটা সুৰ এটা লয়ৰ কাৰণে পাঠকৰ মনৰ মাজত গভীৰ সাঁচ বহুৱায়। প্ৰকৃতি আৰু মানুহ তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু। ইয়াৰ বাহিৰেও তেওঁ সৰু সৰু ল’ৰা-ছোৱালীৰ কাৰণে ১৯৯১ চনত ল’ৰা ধেমালি আৰু অকণ ধেমালি প্ৰকাশ কৰে। ‘চিত্ৰবন’, ‘মনন’ আৰু ‘আন্তৰিক’ নামে তিনিখন আলোচনীত তেওঁ সম্পাদনা কৰিছিল। তেখেতৰ একমাত্ৰ গীতৰ সংকলন হল তোমাৰ গান (১৯৭২)। তেখেতে সম্পাদনা কৰা দুখন কাকতৰ নাম হ’ল চিত্ৰবন আৰু মনন।
তেওঁৰ প্ৰকাশিত কাব্য-সংকলনসমূহ হ’ল:
মোৰ দেশ মোৰ প্ৰেমৰ কবিতা
বিভিন্ন দিনৰ কবিতা
কবিতাৰ ৰ’দ
সুগন্ধি পখিলা
শইচৰ পথাৰ মানুহ
মোৰ প্ৰিয় বৰ্ণমালা
ভালপোৱাৰ বোকা-মাটি
ভালপোৱাৰ দিক্চৌ বাটেৰে
বাচকবনীয়া কবিতা
সুগন্ধি শিপা
শিপাৰ পৰা পাতলৈ
কেইটামান গান
জোনাকী মন ও অন্যান্য (বঙালী)
শস্যেৰ মাঠ ও অন্যান্য (বঙালী)
শিশুৰ বাবে ৰচনা কৰা সংকলনসমূহ হ’ল:
ল’ৰা ধেমালি
আকৌ ধেমালি
ৰৈ ৰৈ ধেমালি।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কবিগৰাকীক সোঁৱৰি লিখিছে- ‘কবিতা মূলত: স্বাধীন, স্মৃতি তাৰ সুগন্ধি পখিলা…’ সুগন্ধি পখিলাৰ কবি, আমাৰ প্ৰিয়তম শব্দৰ খনিকৰ হীৰেন ভট্টাচাৰ্যদেৱক আজি স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ৷ অসমীয়া আধুনিক কবিতাক চহকী শব্দমালাৰ বৰ্ণবৈচিত্ৰ্যৰে সমৃদ্ধ কৰি যোৱা হীৰুদাই সৃষ্টি কৰি গৈছে এটা নিজা যুগ৷ আমাৰ অন্তৰাত্মাত চিৰকাল ঢৌ খেলি থাকিব তেখেতৰ কবিতা আৰু কথাৰ মুকুতাই৷