ডিজিটেল ডেস্কঃ নিয়তিৰ কি পৰিহাস! ৩০বছৰ বয়সতে কাঢ়ি নিলে প্ৰতিভাৱান অভিনেতা কিশোৰ দাসৰ মৃতদেহ। কিশোৰ দাসৰ মৃত্যুৰ পাছতে এতিয়া তেওঁক লৈ সৰ্বত্ৰে চৰ্চা আৰু শোকৰ লহৰ। এই চৰ্চাবোৰৰ মাজতে কিশোৰৰ শেষৰখন ছবিৰ এটা সংলাপে বিশেষ চৰ্চা লাভ কৰিছে। কিশোৰৰ শেষৰখন ছবি ”দাদা, তুমি দুষ্ট বৰ” নামৰ ছবিখনত পংকজ ইংতিৰ সৈতে কৰা এটা দৃশ্যৰ অভিনয়ত সহশিল্পী পংকজ ইংতিক কিশোৰে কয়- মই মৰিলেও তই খৰি দিবলৈ নাহিবি।
কোনে জানিছিল যে, কিশোৰে কৰা এই অভিনয়েই এদিন বাস্তৱ হব। ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে এই ছবিখনৰ উক্ত ক্লীপটো। ছবিখনত দুই বন্ধুৰ চৰিত্ৰত ৰূপায়ন কৰিছে পংকজ ইংতি আৰু কিশোৰ দাসে। দুয়ো বন্ধুৰ মাজত হোৱা তৰ্কাতৰ্কিৰ মাজতে কিশোৰে পংকজ ইংতিক এইদৰে কয় যে, মই মৰিলেও তই খৰি দিবলৈ নাহিবি। এতিয়া কিশোৰক এনেদৰেই সোঁৱৰি শোকবিহ্বল হৈ পৰিছে অনুৰাগীসকল।
উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে চেন্নাইত শেষকৃত্য সম্পন্ন হৈছে কিশোৰ দাসৰ।