ডিজিটেল ডেস্কঃ কিশোৰ দাসৰ মৃত্যুৰ পাছত এতিয়া সমগ্ৰ ৰাজ্যত এক আৱেগিক পৰিৱেশ। কিন্তু এই আৱেগিক পৰিৱেশৰ মাজতে এটা বিশেষ পোষ্ট। কিশোৰ দাসৰ একেখন গাঁৱৰে নিৱাসী মানস প্ৰতিম কলিতাই লিখিছে এই বিশেষ পোষ্টটো। পোষ্টটো এবাৰ পঢ়ক আৰু অনুভৱ কৰক-
১. প্ৰতিভাৱান অভিনেতা কিশোৰ দাসৰ মৃত্যুৰ বাতৰিয়ে আমাক বৰ দুখ দিছে। সি আৰু মই একেখন গাঁৱৰেই হোৱা হেতুকে অসমীয়া বিনোদন জগতলৈ তাৰ উত্তৰণৰ বহু আগৰে পৰাই তাক স্থানীয় বিহু মঞ্চসমূহত নৃত্য পৰিৱেশন কৰা দেখিছোঁ। স্থানীয় উদ্যোগ এটাত কাম কৰি থকাৰ মাজতেই মিউজিক ভিডিঅ’ এটাৰ যোগেদি যথেষ্ট জনপ্ৰিয় হোৱা কিশোৰ খুব অমায়িক চৰিত্ৰৰ আছিল। খুব সাধাৰণ ঘৰ এখনৰ পৰা সি যথেষ্ট কষ্টেৰে ইমানখিনিলৈ আগুৱাইছিল। ধাৰত লেবেজান হোৱা হেতুকে শেষৰ দিনকেইটাত অসমৰ ৰাইজ আৰু কলা-কুশলীয়ে তাৰ চিকিৎসাৰ বাবে যথাসাধ্যে আৰ্থিক সাহায্য আগবঢ়োৱা দেখা গৈছিল।
২. কৰ্কট ৰোগ সম্পৰ্কীয় সচেতনতা আমাৰ দেশত নাই বুলিবই পাৰি আৰু এই ৰোগৰ চিকিৎসাৰ ব্যয় সাধাৰণ মানুহে বহন কৰিব নোৱাৰা বিধৰ। বেমাৰৰ নামত মাটি-ভেটি বিক্ৰী কৰিব লগা হোৱা ব্যৱস্থা এটাৰ বিৰুদ্ধে অস্থি চৰ্মসাৰ মানৱ কংকালসমূহে আৰু কোনো দিনেই আৱাজ তুলিব নোৱাৰে। ইতিমধ্যে কফিনত শেষ গজালটো মৰা হৈ গৈছে।
৩. কৰ্কট আচলতে এটা ব্যক্তিনিৰ্দিষ্ট ৰোগেইনে? আমাৰ বোধেৰে বহুক্ষেত্ৰত আমাৰ চৌপাশে বৰ্তি থকা শোষণকেন্দ্ৰিক অৰ্থব্যৱস্থাৰ ই এটা দুৰ্ভাগ্যজনক ফল। দুটকা উপাৰ্জনৰ নামত দিনটোত বাৰঘণ্টাই ষ্ট্ৰেছৰ মাজত থকা, দুপৰীয়াৰ আহাৰৰ নামত ফাষ্ট ফুড ভক্ষণ, টোপনিৰ বেমেজালি ইত্যাদিৰ মূলটো কি? এটা ব্যৱস্থা। সুষম আহাৰ খাওক, পৰ্যাপ্ত জিৰণি লওক, আনন্দেৰে থাকক, প্ৰাণ খুলি হাঁহক – এইবোৰ হৈছে অতি ক্ষুদ্ৰ পৰিমাণৰ জনসমষ্টিৰ দ্বাৰা পৰিচালিত এক সুচতুৰ মিথ্যাচাৰ অথবা ফুচুলনি। কল চেন্টাৰ অথবা কৰ্পোৰেটত ন্যূনতম দৰমহাত কৰ্মৰত মানুহৰ আগত এইবোৰ ক’লে মৰিয়াই মাৰিব। পৰাপক্ষত নক’ব। ভাৰতৰ কৰ্পোৰেট আৰু আমেৰিকাৰ কৰ্পোৰেট একাকাৰ নকৰিব। ইয়াত কৰ্পোৰেট মানে তেজ হুপি নিয়া কাৰবাৰ। ইয়াত শ্ৰম সম্বন্ধীয় ethics ক প্রতিনিয়ত ধৰ্ষণ কৰা হয়, তাকো সংবিধান মেলি। এই ব্যৱস্থাটোত আপুনি ষ্ট্ৰেছ ল’বলৈ বাধ্য, অখাদ্য খাবলৈ বাধ্য আৰু বাৰৰ পৰা চৈধ্য ঘণ্টা কাম কৰি জিমখানালৈ নগৈ অৱসাদ আৰু ক্লান্তিত ঘৰতে শুই থাকিবলৈ বাধ্য।
ভাৰত এতিয়া মধুমেহৰ ৰাজধানী, কৰ্কট ৰোগী, মানসিক ৰোগীৰে পৰিপূৰ্ণ এখন দেশ। ইয়াত বৃত্তি নিৰ্বিশেষে মানুহে দিনৰ দিনটো ষ্ট্ৰেছত ভুগিছে, দিনৌ পচা খাদ্য গিলিছে, ডিঙিত লিটাৰে লিটাৰে মদ বাকিছে আৰু বেমাৰত ভুগি মাটি বাৰী বেচি শেষত ইহলোক এৰিছে। আৰু এইবোৰৰ মাজত চেটল্ড মধ্যবিত্ত শিয়ালমখাই আপোনাক মোক নিৰন্তৰে কৈ আছে, সুষম আহাৰ, পৰ্যাপ্ত জিৰণি, প্ৰাণখোলা হাঁহিৰে কৰ্কট ৰোগক বাধা দিয়ক। চৈধ্য ঘণ্টাৰ গেবাৰিৰ শেষতো আপোনাৰ হাতত সময়েই সময়। আচলতে আমি অপ্ৰয়োজনত সময় নষ্ট কৰো, অমুক তমুক, অঙ্কুৰ ৱেৰিকোৰ টাইম মেনেজমেন্টৰ এটা ক’ৰ্চ কৰক, ইত্যাদি ইত্যাদি !