ডিজিটেল ডেস্কঃ ভাতৃ আৰু মাতৃৰ সন্মুখত পঞ্চভূতত বিলীন হ’ল কিশোৰ দাস। আত্মীয়ৰ পৰা আঁতৰত থাকি চেহেনৰ সৰু পুত্ৰক চিতাত তুলি দিলে মাতৃয়ে। যিগৰাকীৰ মাতৃৰ কোলা শুৱনি কৰি এদিন এই পৃথিৱীত ভৰি থৈছিল, সেইগৰাকী মাতৃৰ চকুৰ সন্মুখতে পঞ্চভূতত বিলীন হল কিশোৰ।
কল্পনা কৰিলেও বুকু গধুৰ হোৱা এই দৃশ্যক সুঁৰৱি এতিয়াও আৱেগিক ৰাজ্যবাসী। আত্মীয়ৰ বিয়া, শ্বুটিঙৰ পৰা আদি কৰি সভা-সমিতিলৈকে সকলো কামতে মাতৃৰ সৈতে আছিল কিশোৰৰ অতি ঘনিষ্ঠতা। অতিকৈ মৰমৰ সৰু পুত্ৰ কিশোৰৰ অকাল মৃত্যুয়ে বাকৰূদ্ধ কৰি পেলাইছে মাতৃক। দেওবাৰে পুনৰ বৰ পুত্ৰৰ সৈতে ঘৰলৈ উভতিব মাতৃ।
ভগৱানক খাটিও কিশোৰক সুশৰীৰে ঘূৰাই আনিব নোৱাৰা মাতৃ উদং হাতখন লৈ উপস্থিত হবহি স্বগৃহত। বিধিৰ বিধান কোনেও সলনি কৰিব নোৱাৰে। কাৰ মৃত্যু কেতিয়া আছে সেয়া কোনেও নাজানে। কম সময়ৰ কাৰনে হলেও কিশোৰে অসমবাসীৰ মনত সাজি গল এখন সুকীয়া আসন। এই জটিল সময়ত কিশোৰক মাতৃক ভগৱানে দিয়ক অফুৰন্ত শক্তি, তাৰেই কামনাৰে আমাৰ তৰফৰ পৰাও কিশোৰ দাসলৈ শ্ৰদ্ধাঞ্জলি…