ডিজিটেল ডেস্কঃ অভিনেতা কিশোৰ দাসৰ মৃত্যুৰ পাছত ৰাজ্যত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে। দুৰাৰোগ্য কৰ্কটৰোগত আক্ৰান্ত হৈও পৰ্বতসম সাহেসেৰে এই জটিল ৰোগ সৈতে যুজঁ দি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কিশোৰ দাসে। অগণন গুণমুগ্ধৰ লগতে কিশোৰ দাসৰ লগত কাম কৰা সতীৰ্থ কলা-কৌশলীসকলো আজি দুখত ভাগি পৰিছে।
নিজৰ ভাতৃৰ দৰে মৰম কৰা কিশোৰ দাসৰ মৃত্যুৰ পাছতে অভিনেতা যতীন বৰাই কলে- ”মই বিশ্বাসেই কৰিব পৰা নাই যে, কিশোৰ আৰু আমাৰ মাজত নাই। মোৰ সৈতে তাৰ এক ঘৰুৱা সম্পৰ্ক আছিল। চেন্নাইলৈ যোৱাৰ পূৰ্বে তাৰ ঘৰলৈ গৈ মই একেলগে বহুত কথা পাতিছিলো। ভাষা নাই, আৰু কি কম এতিয়া তাৰ বিষয়ে।”
কিশোৰৰ মৃত্যুক লৈ দুখ প্ৰকাশ কৰিলে জুবিন গাৰ্গেও। জুবিনে কয়- প্ৰথমৰে পৰাই তাক মই চিনি পাও। কেতিয়াবা সি মোৰ সৈতে ফুটবলো খেলিছে। বৰ কম সময়তে সি সকলো এৰি থৈ গুচি গল। বেয়া লাগিছে, তালৈ মনত পৰি থাকিব।”