ডিজিটেল ডেস্কঃ উদ্ধৱ থাকৰেৰ হাতৰ পৰা মুখ্যমন্ত্ৰীৰ আসন যোৱাৰ পিছতে তেওঁৰ অতিকৈ ঘনিষ্ঠসকলৰ জীৱনলৈ যেন নামি আহিছে অন্ধকাৰ। প্ৰথমে এন চি পিৰ প্ৰধান শৰদ পাৱাৰলৈ আয়কৰ বিভাগৰ জাননীৰ পিছত এইবাৰ শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটক ১০ঘন্টা জেৰা চলায় ইডিয়ে।
যোৱা শুকুৰবাৰে পুৱা ১১-৩০ বজাৰ পৰা নিশা ৯.৩০বজালৈকে দক্ষিণ মুম্বাই বেলাৰ্ড ইষ্টেটত অৱস্থিত ইডিৰ কাৰ্যালয়ত সোধাপোচা কৰে ৰাউটক। ৰাউটক পাত্ৰ চাওল নামৰ এটা হাউচিং কমপ্লেক্সৰ পুনৰ্বিকাশৰ এক কেলেংকাৰীৰ গোচৰৰ উপৰিও সঞ্জয় ৰাউটক ধনৰ অবৈধ সৰবৰাহৰ সন্দৰ্ভতো সোধা-পোছা কৰে।