1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:33 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

৭৫বছৰঃ এয়া আকাশবাণী গুৱাহাটী….

  • Update Time : Friday, July 1, 2022

ডিজিটেল ডেস্কঃ আকাশবাণী গুৱাহাটীৰ আজি ওপজা দিন। ১৯৪৮চনৰ পৰা আৰম্ভ কৰা এক দুৰন্ত যাত্ৰাই আজি ভৰি থলে ৭৫টা বছৰত।  ভাৰতে স্বাধীনতা লাভ কৰাৰ এঘাৰ মাহৰ পাছত ১৯৪৮ চনৰ ১ জুলাইত তেতিয়াৰ অবিভক্ত অসমৰ শ্বিলঙত প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হয়। আৰম্ভণিতে অল ইণ্ডিয়া ৰেডিঅ’ শ্বিলং-গুৱাহাটী নাম দিয়া কেন্দ্ৰটোক পিছলৈ আকাশবাণী গুৱাহাটী হিচাপে নামকৰণ কৰা হৈছিল।

১৯৪৮ চনৰ ১ জুলাইত অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত অল ইণ্ডিয়া ৰেডিঅ’ৰ শ্বিলং-গুৱাহাটী কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয়। তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে শ্বিলঙত বিধানসভা ভৱন আৰু গুৱাহাটীত কমিশ্যনৰৰ বাসভৱনটি অল ইণ্ডিয়া ৰেডিঅ’ৰ বাবে মুকলি কৰি দিয়ে। উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ সেই ভৱনৰ পৰাই গুৱাহাটী কেন্দ্ৰৰ সম্প্ৰচাৰ আৰম্ভ হয়। অনুষ্ঠান কাৰ্যবাহী বিষয়া ( পিছলৈ অল ইণ্ডিয়া ৰেডিঅ’ৰ পৰিচালক) ওবেইদুল লতিফ বৰুৱা আৰু কলিকতা কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট পুৰুষোত্তম দাসে শ্বিলং-গুৱাহাটী কেন্দ্ৰৰ কাম-কাজ আৰম্ভ কৰে।

১ জুন তাৰিখে ভূপেন হাজৰিকা, ফণী তালুকদাৰ আৰু বীৰেন্দ্ৰ কুমাৰ মহন্তক অনুষ্ঠান সহায়ক হিচাপে নিযুক্তি দিয়া হয়। মেহেৰা মাছনিক শ্বিলং-গুৱাহাটী কেন্দ্ৰৰ পৰিচালিকা হিচাপে নিযুক্তি দিয়া হয় আৰু এই দলটিয়ে ১৯৪৮ চনৰ ১ জুলাই তাৰিখৰ পৰা শ্বিলং-গুৱাহাটী কেন্দ্ৰৰ সম্প্ৰচাৰ আৰম্ভ কৰে। শ্বিলঙত গোপীনাথ বৰদলৈয়ে আৰু গুৱাহাটীত মৌলানা মহম্মদ তৈয়বুল্লাই আনুষ্ঠানিক কেন্দ্ৰদুটি উদ্বোধন কৰে। উদ্বোধনৰ পিছত পৰৱৰ্তী পৰ্যায়ৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি সত্যপ্ৰসাদ বৰুৱাছৈয়দ আব্দুল মালিক, ৰৌশনাৰা খাতুন, নাৰায়ণ বেজবৰুৱা, ৰঞ্জন বৰা, মৃগেন্দ্ৰ নাথ ৰয়চৌধুৰীক নিযুক্তি দিয়া হয়।

আৰম্ভণিৰ সময়ছোৱাত দৈনিক দুটাকৈ সম্প্ৰচাৰণ হৈছিল। ৰাতিপুৱাৰ সম্প্ৰচাৰণটি পুৱা সাত বজাৰ পৰা চাৰে ন বজালৈ আছিল আৰু আবেলিৰ সম্প্ৰচাৰণটি গধূলি পাঁচ বজাৰ পৰা ন বাজি পোন্ধৰ মিনিটলৈ চলিছিল। প্ৰাৰম্ভিক অৱস্থাত দুয়োটা কেন্দ্ৰ একোজনকৈ সহকাৰী কেন্দ্ৰ পৰিচালকে চোৱা-চিতা কৰিছিল আৰু এটা এক কিলোৱাটৰ মিডিয়াম ৱেভ ট্ৰান্সমিটাৰেৰে সম্প্ৰচাৰ চলোৱা হৈছিল।

শ্বিলঙৰ কেন্দ্ৰ পৰিচালকজন দুয়োটা কেন্দ্ৰৰে প্ৰধান বিষয়া আছিল। ১৯৫৩ চনত শ্বিলং-গুৱাহাটী কেন্দ্ৰৰ সদৰ অফিচ গুৱাহাটীলৈ স্থানান্তৰ কৰা হয় আৰু জালুকবাৰীত ১০ কিলোৱাটৰ ট্ৰান্সমিটাৰৰ উচ্চ ক্ষমতাসম্পন্ন প্ৰেৰক যন্ত্ৰ (transmitter) স্থাপন কৰা হয়। ফলত শ্বিলং কেন্দ্ৰৰ গুৰুত্ব ক্ৰমে হ্ৰাস পাই আহে আৰু সকলো অনুষ্ঠান গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰ হ’বলৈ ধৰে। শ্বিলঙক কেৱল ষ্টুডিঅ’ হিচাপে ৰাখি তাত বাণীবদ্ধ কৰা সকলো অনুষ্ঠান গুৱাহাটীলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰা হয় আৰু ঠিক তেতিয়াৰ পৰাই অল ইণ্ডিয়া ৰেডিঅ’ শ্বিলং-গুৱাহাটী বুলি কোৱাৰ পৰিৱৰ্তে আকাশবাণী গুৱাহাটী নাম দিয়া হয়।

 উচ্চ ক্ষমতাসম্পন্ন ট্ৰান্সমিটাৰটো লগোৱাৰ ফলত কামৰূপ, নগাঁও আৰু চুবুৰীয়া জিলাসমূহলৈও সংকেত পঠিয়াব পৰা হয়। ১৯৫৭ চনৰ মে’ মাহত কেন্দ্ৰটো চানমাৰিৰ বৰ্তমানৰ স্থায়ী স্থানলৈ লৈ যোৱা হয়। গুৱাহাটী কেন্দ্ৰত এটা ১০ কিলোৱাটৰ শ্বৰ্টৱেভৰ ট্ৰানজিষ্টৰ লগোৱাত সমগ্ৰ অসমতেই ৰেডিঅ’ সংকেত সম্প্ৰচাৰ কৰিব পৰা হয়। বৰ্তমান পূৰ্ণ পৰ্যায়ত অৱতীৰ্ণ অনাতাঁৰ কেন্দ্ৰটোৱে সাম্প্ৰতিকভাৱে দুটা এ.এম. আৰু এটা এফ. এম. চেনেলৰ জৰিয়তে কাৰ্যক্ৰম চলাই আছে।

আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰতি দেওবাৰে ৰাতিপুৱা শিশুৰ বাবে প্ৰচাৰ কৰা অকণিৰ মেল অনুষ্ঠানটি অতি ব্যতিক্ৰম অনুষ্ঠান। শিশুসকলৰ মনোৰঞ্জন আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে এই অনুষ্ঠানটি প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত শিকোৱা মা আমি শদিযালৈ যামেঅ’ তুলতুল অ’ বুলবুল আদি গীতে ৰাজ্যজুৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়। মহিলাসকলৰ বাবে প্ৰচাৰ কৰা আইদেউৰ বুলনি অনুষ্ঠানটি কেন্দ্ৰটোৰ আন এক উৎকৃষ্ট অনুষ্ঠান। মহিলাসকলক শিক্ষিত সজাগ কৰিবলৈ প্ৰচাৰ কৰা এই অনুষ্ঠানটি অতি জনপ্ৰিয়। তদুপৰি কৃষি দৰ্শন, যুৱবাণী, নিয়োগ বাৰ্তা, আঞ্চলিক বাতৰি, খেতিৰ দিহা, সমিধান, এই মাহৰ অতিথি আদিও কেন্দ্ৰটোৰ দ্বাৰা প্ৰচাৰিত উল্লেখ্যযোগ্য অনুষ্ঠান।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme