ডিজিটেল ডেস্কঃ কৰোনাৰ গতি পুনৰ বাঢ়িছে দেশত। শেহতীয়াকৈ বিগত ২৪ঘন্টাত দেশত ১৭হাজাৰো অধিক লোক আক্ৰান্ত হৈছে কৰোনাত। ২৪ঘন্টাত ১৭হাজাৰ ১৭গৰাকী লোক নতুনকৈ কৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২৩গৰাকী ৰোগীৰ মৃত্যু হৈছে।
ইতিমধ্যে দেশত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫লাখ ২৫হাজাৰ হৈছেগৈ। ইফালে বিগত দিনকেইটাত বৃদ্ধি পোৱা কৰোনাৰ প্ৰকোপৰ ফলত বৰ্তমান দেশত চিকিতসাধীন অৱস্থাত আছে ১লাখ ৭হাজাৰ ১৮৯গৰাকী ৰোগী।
উল্লেখ কৰা প্ৰয়োজন যে, দেশত এতিয়ালৈকে 197.74 কোটি লোকক প্ৰদান কৰা হৈছে কৰোনাৰ ভেকচিন। বিগত ২৪ঘন্টাত কৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা ২৩গৰাকীৰ ভিতৰত ১৫গৰাকীয়েই কেৰালাৰ।