ডিজিটেল ডেস্কঃ অভিযোগ বহুদিনীয়া, অৱশেষত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। গুৱাহাটীৰ বিউটি পাৰ্লাৰ, হেয়াৰ কাটিং চেলুন, স্পা আৰু মাছাজ পাৰ্লাৰলৈ শেহতীয়াকৈ এক নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী পৌৰ নিগমে। এই নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা বিউটি পাৰ্লাৰ, হেয়াৰ কাটিং চেলুন, স্পা আৰু মাছাজ পাৰ্লাৰ বিপৰীত লিংগৰ দ্বাৰা মাছাজ কৰাব নোৱাৰিব অৰ্থাৎ কোনো পুৰুষক মহিলাই বা মহিলাই পুৰুষক দিব নোৱাৰিব মাছাজ।
গুৱাহাটী পৌৰনিগমে জাৰি কৰা জাননী অনুসৰি, এতিয়াৰে পৰা গুৱাহাটী পৌৰ নিগমে নিৰ্দিষ্ট চৰ্ত আৰু নিৰ্দেশনা অনুসৰিহে স্পা, বিউটি পাৰ্লাৰ আৰু চেলুন সমূহক ট্ৰেড লাইচেঞ্চ প্ৰদান কৰিব। এই চৰ্তসমূহৰ ভিতৰত প্ৰধান চৰ্তটো হল-
১. কোনো ধৰণৰ পৃথক ৰূম অথবা চেম্বাৰ থাকিব নোৱাৰিব।
২.পাৰ্লাৰ, স্পা বা চেলুনসমূহত ট্ৰান্সপেৰেন্ট অর্থাৎ ইপাৰ-সিপাৰ দেখা গ্লাছ থাকিব লাগিব।
৩. বিপৰীত লিংগৰ দ্বাৰা মাছাজ কৰাব নোৱাৰিব।
৪. ইউনিচেক্স পাৰ্লাৰত কৰ্মৰত কৰ্মচাৰী যোগ্যতা সম্পন্ন বা প্ৰকৃত ডিগ্ৰীধাৰী হ’ব লাগিব।
৫. পাৰ্লাৰ, স্পা চেলুনলৈ অহা প্ৰতিগৰাকী গ্ৰাহকৰ ফোন নম্বৰ আৰু ঠিকনা ৰাখিব লাগিব কৰ্তৃপক্ষই।
উল্লেখ্য যে, মহানগৰীৰ স্পা, চেলুন বা বিউটি পাৰ্লাৰ সমূহত অনৈতিক কাৰ্য চলে বুলি প্ৰশাসনক বহুদিনৰে পৰা অভিযোগ কৰি আহিছে সচেতন ৰাইজে। তেনে পৰিপ্ৰেক্ষিতেই এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে। পৌৰ নিগমে জাননীত লগতে স্পষ্ট কৰি দিছে যে, চেলুন বা বিউটি পাৰ্লাৰ খোলাৰ ক্ষেত্ৰত প্ৰশাসনৰ কোনো ধৰণৰ আপত্তি নাই কিন্তু নিগমে সদায় পাব্লিক মৰেলিটী আইনক সন্মান জনাবলৈ বাধ্য। সেয়েহে জনস্বাৰ্থ উলংঘা নোহোৱাকৈ এতিয়াৰে পৰা উপৰোক্ত নিয়ম সমূহ পালন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে পৌৰ নিগমে।