1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:56 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

পৰিয়াল চলাবলৈ সুৰাৰ ফেক্টৰীত কাম কৰা ল’ৰাটো আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী…

  • Update Time : Friday, July 1, 2022

ডিজিটেল ডেস্কঃ আঁতৰৰ পৰা সহজ যেন লাগিলেও একনাথ সিন্দেৰ ৰাজনৈতিক যাত্ৰা আছিল অতি সংঘাতপূৰ্ণ। দৰিদ্ৰতাৰ সৈতে যুঁজি ৰাজনৈতিক পথাৰখনলৈ ওলাই অহা সিন্দে এটা সময়ত অটো ৰিক্সা চালক হিচাপে কাম কৰাৰ উপৰিও পৰিয়াল চলাবৰ বাবে এটা সুৰাৰ ফেক্টৰীটো কাম কৰিছিল।

একনাথ চিন্দেৰ জন্ম হৈছিল ১৯৬৪ চনৰ ৯ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত । তেওঁৰ দেউতাকৰ নাম সম্ভাজী নৱলু চিন্দে আৰু তেওঁৰ মাতৃৰ নাম গঙ্গুবাই চিন্দে। একনাথ শিন্দেৰ পত্নীৰ নাম লতা চিন্দে। তেওঁলোকৰ শ্ৰীকান্ত চিন্দে নামৰ এজন পুত্ৰ আছে।

শিৱসেনাত যোগদান কৰাৰৰ আঁৰত একনাথ সিন্দেৰ এটা কাহিনী আছে।  ১৯৮০চনত এখন সভাত বালাচাহেবৰ ভাষণৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰিছিল তেওঁ। সেই সময়ত কট্টৰ হিন্দুত্ববাদৰ হৈ মাত মতা একমাত্ৰ ৰাজনৈতিক দলটোৱে আছিল শিৱসেনা।

২০০৪চনত সিন্দে প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।  জানি থোৱা ভাল যে, সিন্দেই প্ৰাথমিক শিক্ষা সমাপ্ত কৰি হাইস্কুলত নামভৰ্তি কৰিছিল যদিও আধাতে পঢ়া এৰিছিল। পৰিয়ালৰ আৰ্থিক সংকটৰ বাবে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু ২০১৪ চনত শিৱসেনা আৰু বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পাছত  তেওঁ পুনৰ অধ্যয়ন সম্পূৰ্ণ কৰে।তেওঁ মাৰাঠী আৰু ৰাজনীতি বিভাগত গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme