ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰেৰ পদত্যাগৰ পাছত বিজেপিৰ শিবিৰত এতিয়া আনন্দৰ লহৰ। বুধবাৰে মাজনিশা মুম্বাইৰ তাজ হোটেলত একপ্ৰকাৰৰ জয়ৰ পাৰ্টি দিলে বিজেপিয়ে। বিজেপি জিন্দাবাদ ধ্বনিৰে হোটেল তাজৰ আকাশ-বতাহ মুখৰিত কৰাৰ লগতে দেৱেন্দ্ৰ ফাণ্ডাৰ্ডিছক মিঠাই খোৱাই শুভেচ্ছা দিলে বিজেপি কৰ্মী সকলে। খবৰ অনুসৰি আগন্তুক দুই এদিনতে মুখ্যমন্ত্ৰীৰ চকীত বহিব বিজেপিৰ দেৱেন্দ্ৰ ফাণ্ডাৰ্ডিছ। আজি বিজেপিয়ে আয়োজন কৰিছে এক জৰুৰী বৈঠকৰ। এই বৈঠকতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি খবৰ আহিছে।
ইফালে একনাথ সিন্দেও আজি গ্ৰহণ কৰিব আগন্তুক সময়ৰ সিদ্ধান্ত। বিজেপিয়ে তেওঁঁক উপ মুখ্যমন্ত্ৰীৰ পদ প্ৰদান কৰিব পাৰে বুলি চৰ্চা হৈছে। ইয়াৰ লগতে বিসম্বাদী ৭-৮গৰাকী বিধায়কক মন্ত্ৰীত্ব প্ৰদান কৰিব পাৰে বিজেপি নেতৃত্বই। এতিয়া সময়হে কব, একনাথ সিন্দেই কি দল হিচাপে বিজেপিৰ সৈতে চৰকাৰ গঠন কৰিব। দিনৰ ১১বজাত দেৱেন্দ্ৰ ফাণ্ডাৰ্ডিছৰ ঘৰত বিজেপিৰ কৌৰ কমিটিৰ এক বৈঠকৰ আহ্বান কৰা হৈছে।
ইতিমধ্যে মুম্বাইৰ বিজেপি সভাপতিয়েও সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে, সকলো হৈ গল, এতিয়া আগন্তুক খোজত কি কৰিব সেই সিদ্ধান্ত লব দেৱেন্দ্ৰ ফাণ্ডাৰ্ডিছ আৰু একনাথ সিন্দেই। সকলো ঠিকে ঠাকে থাকিলে বিজেপিৰ ১১বজাৰ বৈঠকৰ পাছত অন্ত পৰিব পাৰে কেইবাদিনো ধৰি চলি থকা হাইভল্টেছ এই মহাৰাষ্ট্ৰৰ মহাভাৰত।