ডিজিটেল ডেস্কঃ জুবিনৰ ফেন বুলি কলেই আপোনাৰ মনলৈ কোনবোৰ কথা প্ৰথমে আহে। কিজানি জুবিনৰ বাবে ছিঞৰা, জুবিনক চাবলৈ গছ বগোৱা, বোকা নাচ দিয়া আদি দৃশ্যবোৰ। সততে জুবিন ফেনক লৈ বহুতো সমালোচনা হয় যদিও শেহতীয়াকৈ এগৰাকী জুবিন ফেনে মন জিনিছে সকলোৰে। তেওঁ আন কোনো নহয়, তেওঁ হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰা দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতা। ২০২০বৰ্ষত মেট্ৰিকতো প্ৰথম স্থান লাভ কৰা ধৃতিৰাজ হৈছে জুবিনৰ এগৰাকী ভাল অনুৰাগী।
ৰিজাল্ট দিয়াৰ দিনাও ধৃতিৰাজে গাই শুনালে জুবিনৰ এটা সুমধুৰ গীত। দৰঙৰ বানেইকুছিত ঘৰ ধৃতিৰাজৰ। দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ধৃতিৰাজ বাস্তৱ কলিতাই মুঠ ৪৯১ নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে।
ধৃতিৰাজে প্ৰমাণ কৰিলে যে, সকলোৰে ভৱাৰ দৰে জুবিন গাৰ্গৰ অনুৰাগীয়ে কেৱল উতপাতেই নকৰে। জুবিনক ভাল পোৱা অনুৰাগীসকলৰ মাজতো আছে ধৃতিৰাজৰ দৰে প্ৰৱল প্ৰতিভাসম্পন্ন অনুৰাগী। কৌশোৰ, যৌৱন ভৰাই তোলা জুবিনৰ গানবোৰে ধৃতিৰাজক দিছিল সাহস, প্ৰেৰণা।