1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:24 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

মৃত্যুগছ! এজোপা গছেই আপোনাৰো মৃত্যুৰ কাৰণ হৈ উঠিব পাৰে…

  • Update Time : Sunday, November 14, 2021

ডিজিটেল ডেস্কঃ পৃথিৱীত লাখ লাখ প্ৰজাতিৰ উদ্ভিদ আছে। উদ্ভিদ অথৱা গছক বাদ দি পৃথিৱীত প্ৰাণীজগতৰ কথা আমি কল্পনাই কৰিব নোৱাৰো। গছে কাৰ্বনডাই অক্সাইড গ্ৰহণ কৰি অক্সিজেন এৰি দিয়ে। আৰু এই অক্সিজেন আমি গ্ৰহণ কৰো। প্ৰাণীজগতক জীয়াই ৰখাত সৰ্ববৃহৎ অৰিহনা যোগোৱা এই গছ অথৱা উদ্ভিদো প্ৰাণীৰ মৃত্যুৰ কাৰণ হ’ব পাৰে। পৃথিৱীত এনে উদ্ভিদো আছে যাৰ সংস্পৰ্শই প্ৰাণীৰ মৃত্যুক মুখলৈ ঠেলি দিয়ে। মৃত্যুগছ বুলি কোৱা এই গছজোপাক প্ৰকৃত নাম হৈছে ‘ম্যানশিনীল’। বিশ্বৰ সবাতোকৈ বিষাক্ত গছ বুলিও পৰিচিত ‘ম্যানশিনীল’।

কিয় মৃত্যুগছ বুলি কোৱা হয় ‘ম্যানশিনীল’ক?

সাগৰীয় প্ৰান্তীয় উপত্যকা এই গছ মুখ্যত দেখা যায়। প্ৰায় ৫০ ফুট পৰ্যন্ত ওখ হোৱা এই গছৰ সংস্পৰ্শলৈ আহিলে প্ৰাণীৰ ছাল জুইত পোৰাৰ দৰে হৈ পৰে। ইয়াৰোপৰি এই গছত লগা ফলবিধ খালে দেহৰ ভিতৰতে ৰক্তক্ষৰণ হয়। এই ৰক্তক্ষৰণৰ ফলতে মানুহৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে।ম্যানশিনীল গছৰ পাত,ফল আৰু ছালৰ পৰা এবিধ ৰস নিসৰিত হয়। এই ৰস জীৱকুলৰ বাবে অতি ভয়াৱহ। চায়েন্স এলাৰ্টে প্ৰকাশ কৰা অনুসৰি, এই গছজোপাত ফৰবল নামৰ এবিধ বিষ থাকে। যি অতি সহজেই পানীৰ সৈতে মিশ্ৰিত হ’ব পাৰে। সেয়ে বাৰিষাকালত গছজোপাৰ আশে-পাশেও মানুহ যোৱাত নিষেধাজ্ঞা দিয়া হয়। কাৰণ বৰষুণৰ বতৰত এই গছজোপাৰ পৰা নিসৰিত ৰস পানীৰ সৈতে মিহলি হৈ বৰষাৰ টোপালৰ সৈতে পৰে। গতিকে এই পানী যদি মানুহ অথৱা অন্য প্ৰাণীৰ গাত পৰে তেন্তে ছাল জ্বলি যাব পাৰে লগতে দৃষ্টিশক্তিও হেৰুৱাই পেলাব পাৰে।

বিশ্বৰ বিষাক্ত উদ্ভিদ হিচাপে গ্ৰীনিজ বুক অব ৱাৰ্ল্ড ৰেকৰ্ড ‘ম্যানশিনীল’ৰ

গ্ৰীনিজ বুক অৱ ৰেকৰ্ডত বিষাক্ত গছ হিচাঁপে স্থান লাভ কৰিছে ম্যানশিলীনে। সমূদ্ৰতীৰত থকা এই গছৰ কাষলৈ মানুহৰ আহ যাহ নিষিদ্ধ কিন্তু এই গছৰো আছে উপকাৰিতা। এই গছে সমূদ্ৰতীৰৰ মাটিসমূহ খহি নোযোৱাকৈ ধৰি ৰখাত বিশেষভাৱে সহায়ক হৈ আছে। ইয়াৰোপৰি এই গচৰ আশে পাশ থকা লোকে ইয়াক পবিত্ৰ গছ বুলিও জ্ঞান কৰি আহিছে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme