ডিজিটেল ডেস্কঃ ৮০ ফুট তলত এটা গাঁতত এজন যুৱকে কটালে ১০৪ ঘণ্টা সময়। বিগত সপ্তাহত ৮০ ফুট দ খাৱৈত পৰিছিল যুৱকজন। তাৰ পিছৰে পৰাই যুৱকজনক উদ্ধাৰৰ বাবে চলিছিল অভিযান। শেষত মঙলবাৰে নিশা উদ্ধাৰকাৰী দলটোৱে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যুৱকজনক।
শ্বাসৰুদ্ধকৰ এই উদ্ধাৰ অভিযান ১০৪ ঘণ্টা ধৰি চলিছিল। ১৫ ফুট দীঘল সুৰঙ্গ তৈয়াৰ কৰি এনডিআৰএফে চলাইছিল এই অভিযান। ১১ বছৰীয়া ৰাহুল চাহু শুক্ৰবাৰে ৮০ ফুট গভীৰ কুঁৱাত পৰিছিল। লগে লগেই স্থানীয় ৰাইজে উদ্ধাৰকাৰী দলক উদ্ধাৰৰ বাবে খবৰ দিয়ে। উদ্ধাৰকাৰী দলটোৱে আহি প্ৰত্যক্ষ কৰাত কুঁৱাটোত এডাল সাপ আৰু ভেকুলীও প্ৰত্যক্ষ কৰে। ইমান কম অক্সিজেনত কিশেৰজনৰ জীয়াই ৰখাটো উদ্ধাৰকাৰী দলটোৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল।আনহাতে সাপডালক লৈয়ো জীৱন্তে কিশোৰজনক উদ্ধাৰ কৰাটো এই বৃহৎ প্ৰত্যাহ্বান হৈ থিয় দিছিল উদ্ধাৰটোৰ বাবে।
এটা সৰু পৰিসৰ, হিমশীতল অন্ধকাৰ, অক্সিজেনৰ অভাৱ। সেই সংক্ষিপ্ত স্থানত, মানুহ, সাপ আৰু ভেকুলী একেলগে। কেইছেকেণ্ড বা মিনিট নহয় একেৰাহে ১০৪ ঘণ্টা। এটাৰো ক্ষতি নোহোৱাকৈ ৰাহুলক উদ্ধাৰ কৰা কাৰ্যক লৈ সকলোৱেই এতিয়া উদ্ধাৰকাৰী দলটোক ধন্যবাদ জনাইছে।
চট্টিছগড়ৰ কিশোৰটোক কুঁৱাৰ পৰা প্ৰায় চাৰে চাৰি দিন পিছত উদ্ধাৰ কৰাকলৈ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও মন্তব্য কৰিছে। আমাৰ লৰা সাহসী সেইবাবেই তাক আজি জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল বুলি মন্তব্যত প্ৰকাশ কৰিছে।