ডিজিটেল ডেস্কঃ শুকুৰবাৰে মন্ত্ৰী UG Brahma-ই দৰঙৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। মঙ্গলদৈত হস্ততাঁত বস্ত্ৰশিল্প, ৰেচম আৰু ভুমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী UG Brahma ই দৰং জিলা খনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ লগতে মঙ্গলদৈৰ মোৱামাৰী পঞ্চায়তৰ অন্তৰ্গত গেৰিমাৰীত ১৫ বিঘা মাটিত মীন বিভাগ আৰু জিলা পৰিষদৰ অধীনত হ’ব লগীয়া অমৃত সৰোবৰ আচনিৰ বুজ লয়৷
উল্লেখ্য যে এই অমৃত সৰোবৰ আচনি পাবলৈ সক্ষম হৈছে দৰং জিলাৰ কেইবাজনো প্ৰাক্তন আলফা সদস্যই। আনহাতে মন্ত্ৰী গৰাকীয়ে দৰং জিলাৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰি শাকটোলা মথাউৰি,মডেল অঙ্গনাৱাদী পৰিদৰ্শন কৰে। দৰং জিলাৰ ২০ গৰাকী প্ৰাক্তন আলফা সদস্য ই স্বাৱলম্বিতাৰ উদ্দেশ্য মীন পালনৰ বাবে খান্দিব বিচৰা অমৃত সৰোবৰৰ ভূমিৰ পৰিদৰ্শন কৰে।