ডিজিটেল ডেস্কঃ ইউৰিক এছিড বৃদ্ধি প্ৰায় সকলো ব্যক্তিৰেই এইয়া এক গুৰুতৰ সমস্যা। এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। সেয়ে এই ৰোগক লৈ চিকিৎসকেও প্ৰদান কৰি আহিছে সতৰ্কবাণী। ইউৰিক এছিড থাকিলেনো শৰীৰত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হয় এই লৈ বহুতেৰই মনত প্ৰশ্ন। প্ৰকৃততে ইউৰিক এছিড হৈছে এক বিপাকীয় সমস্যা। যদিও মাৰাত্মক ৰোগৰ ভিতৰত ইয়াক ধৰা নহয় তথাপিও এটা কথা সঠিক যে এবাৰ ইউৰিক এছিডত আক্ৰান্ত হোৱাৰ পিছত শৰীৰৰ বিপাকীয় প্ৰক্ৰিয়া সম্পূৰ্ণ দূৰ্বল হৈ পৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাতো বাধা আহি পৰে।
আমি আহাৰৰ প্ৰতিসাঁজতেই প্ৰটিন খাওঁ। শেই প্ৰটিল শৰীৰত বিপাকো হয়। বিপাকৰ পিছতো কিছু পদাৰ্থ ৰৈ যায়। ৰৈ যোৱা সেই পদাৰ্থৰ মাজতেই এটা হৈছে ইউৰিক এছিড। ইউৰিক এছিড শৰীৰত বাঢ়ি যোৱাৰ কাৰণ প্ৰকৃততে দুটা। প্ৰথম কাৰণটোৱেই হৈছে শৰীৰত ইউৰিক এছিড বেছিকৈ উৎপন্ন হৈছে। আৰু দ্বিতীয়তে শৰীৰৰ পৰা ইউৰিক এছিড বাহিৰ নোহোৱা। সেয়ে প্ৰত্যেকগৰাকী ব্যক্তিয়েই এই সন্দৰ্ভত সজাগ হোৱাটো খুবেই জৰুৰী।
ইউৰিক এছিড বৃদ্ধিৰ লক্ষণ
ইউৰিক এছিড বাঢ়িলে কেনেধৰণৰ লক্ষণে দেখা দিয়ে এই সম্পৰ্কে বহুতেই জ্ঞাত নহয়। এই ৰোগত আৰম্ভণিতে কোনো লক্ষণ নাথাকে। কিছুসংখ্যকৰ ক্ষেত্ৰতহে লক্ষণ পৰিস্ফুত হয়। যেনে ভৰিৰ বুঢ়া আঙুলি ফুলি উঠা। ফুলাই নহয় অত্যাধিক বিষো অনুভৱ হোৱা। ইয়াৰোপৰি কিডনীত পাথৰ হোৱা ব্যক্তিৰো ইউৰিকএ এছিডৰ সমস্যা হোৱাৰ আশংকা থাকে।আনহাতে পিঠিৰ বিষ, প্ৰস্ৰাৱ কৰোতে জ্বলা-পোৰা, প্ৰস্ৰাৱৰ সৈতে তেজ বাহিৰ হোৱা আদি সমস্যাই দেখা দিয়ে।
ইউৰিক এছিড বাঢ়িলে মাংস খাবনে?
মাংসত হাই প্ৰটিন থাকে। ইউৰিক এছিড বেছি থকা মানুহে মাংস খাবনে এই প্ৰশ্নও প্ৰায়ে উত্থাপিত হয়। কিন্তু চিকিৎসকে প্ৰকাশ কৰা অনুসৰি ইউৰিক এছিড থকা ব্যক্তিয়েও মাংস খাব পাৰে। পৰিমানৰ ক্ষেত্ৰতে কিছু নিয়ম মানি চলাটো জৰুৰী। ইউৰিক এছিড থকা এজন ব্যক্তিয়ে প্ৰতি কিঃগ্ৰাঃ শৰীৰৰ ওজনৰ অনুপাতে ১ গ্ৰাম মাংস খাব পাৰে। উদাহৰণস্বৰূপে যদি ব্যক্তিগৰাকীৰ ভৰ ৬০ কিঃগ্ৰাঃ তেন্তে তেওঁ এদিনত ৬০গ্ৰাম প্ৰটিন খাব পাৰে। সকলো মাংসই খাব পাৰিব তেনে নহয়। এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে চিকেন খাব পাৰে কিন্তু ছাগলীৰ মাংস আৰু যিকোনো ৰেড মিট খোৱাটো স্বাস্থ্যসন্মত নহয়।
মছুৰ দালি খাবনে?
মছুৰ দাইলত বহু পৰিমানে প্ৰটিন থাকে। কিন্তু ইউৰিক এছিডৰ সমস্যাত মছুৰ দাইল খোৱাত বিশেষ সমস্যা নাই। কিন্তু অত্যাধিক বৃদ্ধি হ’লে সমস্যা হ’ব পাৰে।