1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:09 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

Google Chrome-ৰ কোনটো ভাৰ্ছন ব্যৱহাৰ কৰে? এইকেইটা ভাৰ্ছন ব্যৱহাৰ কৰিলে হেক হ’ব আপোনাৰ কম্পিউটাৰ…

  • Update Time : Friday, June 10, 2022

ডিজিটেল ডেস্কঃ গুগল ক্ৰম ব্যৱহাৰ কৰে নেকি? গুগল ক্ৰম ব্যৱহাৰ কৰাসকল সাবধানবানী দিছে কেন্দ্ৰীয় চৰকাৰে। গুগল ক্ৰম ব্যৱহাৰ কৰোতে এতিয়াৰে পৰা এইকেইটা সমস্যাই দেখা দিব পাৰে। কেন্দ্ৰীয় Computer Emergency Response Team-য়ে প্ৰকাশ কৰা অনুসৰি গুগল ক্ৰমৰ জৰিয়তে ফোন বা কম্পিউটাৰৰ বহু গোপন তথ্য ভাইৰেল হোৱাৰ সম্ভাৱনা থাকে।

প্ৰতিদিনেই ইণ্টানেটৰ উপৰত দৃষ্টি ৰাখে CERT-In-য়ে। এই সংস্থাটোৰ প্ৰধান কামেই হৈছে ইণ্টাৰনেটৰ পৃথিৱীত কোনো ত্ৰুতি থাকিলে সেয়া নিৰীক্ষণ কৰা আৰু সেই সম্পৰ্কে সাধাৰণ জনতাক সজাগ কৰা। শেহতীয়াভাৱে গুগল ক্ৰমক ‘High Risk’ হিচাপে চিহ্নিত কৰিছে সংস্থাটোৱে।

CERT-In-য়ে প্ৰকাশ কৰা তথ্য অনুসৰি যিসকলে Chrome OS-ৰ 96.0.4664.209-ৰ কোনো ভাৰ্ছন ব্যৱহাৰ কৰে তেন্তে এইধৰণৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। এই পুৰণি ভাৰ্ছন ব্যৱহাৰকাৰীৰ কম্পিউটাৰৰ পৰা তথ্য চুৰ কৰাও অতি সহজ। পুৰণি ভাৰ্ছনটোত পোৱা ত্ৰুতিসমূহ হৈছে CVE-2021-43527, CVE-2022-1489, CVE-2022-1633, CVE-202-1636, CVE-2022-1859, CVE-2022-1867 আৰু CVE-2022-23308,

CERT-In-য়ে এই তথ্য প্ৰকাশ কৰাৰ পিছতেই Google-য়ে এই সম্পৰ্কে এটা বিশেষ পষ্ট শ্বেয়াৰ কৰিছে। গুগলেও পষ্টটোত এই বিষয়ত তেওঁলোকে নজৰ দিয়াৰ কথা উল্লেখ কৰিছে। লগতে এই ত্ৰুতি দুৰ কৰাৰ বাবে Google-য়ে বিশেষ এটা দলক দায়িত্বও অৰ্পণ কৰিছে। Google-য়ে প্ৰত্যেকগৰাকী ব্যৱহাৰকাৰীকে Chromebook আপডেটৰো আহ্বান জনাইছে। নতুন ভাৰ্ছন ডাইনলোড কৰিলে এই সমস্যাসমূহ দূৰ হ’ব বুলিও বিবৃতিযোগে প্ৰকাশ কৰিছে গুগলে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme