1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:07 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

বলীউডৰ আনটো বেয়াখবৰ! দুৰাৰোগ্য ৰোগত আক্ৰান্ত নায়িকা মহিমা চৌধুৰী

  • Update Time : Thursday, June 9, 2022

ডিজিটেল ডেস্কঃ কেকেৰ মৃত্যুৰ পিছতেই বলীউডৰ পৰা আহিছে অন্য এটা উদ্বেগজনক খবৰ। ‘পৰদেশ’ চলচ্চিত্ৰৰ জৰিয়তে বলীউডত খোজ পেলোৱা নায়িকা মহিমা চৌধুৰী আক্ৰান্ত হৈছে দুৰাৰোগ্য ৰোগত৷ স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে মহিমা। তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে।

অভিনেতা অনুপম খেৰে এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে এই বাতৰি ৰাজহুৱা কৰে। একে সময়তে খেৰে অভিনেত্ৰীগৰাকীৰ সাহস আৰু যুঁজাৰু মনোভাবকো প্ৰশংসা কৰে৷ অনুপম খেৰে মহিমাৰ এটা ভিডিঅ’ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। মহিমাই তেওঁৰ নিজৰ কাহিনী এই ভিডিঅ’টোত প্ৰকাশ কৰে। অনুপম খেৰে ভিডিঅ’টোৰ শিৰোনাম দিছে- ‘মহিমা চৌধুৰীৰ সাহস আৰু কৰ্কট ৰোগৰ কাহিনী৷ মই এমাহ আগতে তেওঁক আমেৰিকাৰ পৰা ফোন কৰিছিলোঁ। মই তেওঁক মোৰ ৫২৫ তম চলচ্চিত্ৰ ‘দ্য ছিগনেচাৰ’ত অভিনয় কৰাব বিচাৰিছিলোঁ। তেতিয়াই মই গম পাইছিলোঁ যে তেওঁ স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। কথা পাতি মই উপলব্ধি কৰিছিলোঁ যে তেওঁৰ মনৰ শক্তিয়ে সমগ্ৰ বিশ্বৰ অগণন মহিলাক আশাৰ ৰশ্মি দিব পাৰে। তেওঁ বিচাৰিছিল যে মই সকলোকে খবৰটো কওঁ। মহিমা, তুমি আমাৰ নায়ক। বন্ধুসকল, সকলোৱে তেওঁক মৰম, শুভকামনা আৰু কল্যাণেৰে ভৰাই তোলক।’

অনুপম খেৰে মহিমাক কৰ্কট ৰোগৰ বিষয়ে কেনেকৈ জানিলে বুলি সোধাত তেওঁ কয়- ‘মোৰ ভিতৰত কোনো লক্ষণ নাছিল। মই পৰীক্ষা কৰিছিলোঁ। চিকিৎসকক লগ কৰিছিলো, চিকিৎসকে কৰ্কট ৰোগৰ প্ৰাক-কোষবোৰ দেখাৰ কথা কৈছিল। চিকিৎসকসকলে কৈছে যে এইটো ১০০ শতাংশ নিৰাময়যোগ্য। মই ভাঙি পৰিছিলো৷ কেন্সাৰ খুব ভয়ংকৰ ৰোগ৷’ ভন্তিয়ে মোক সেই সময়ৰ পৰা উঠি অহাত সহায় কৰিলে৷’

অনুপম খেৰে কৰ্কট ৰোগত আক্ৰান্ত মহিলাসকলৰ বাবে কিবা ক’বলৈ কোৱাত মহিমাই কৈছিল- ‘মই আক্ৰান্ত মহিলাসকলৰ পৰা শিকি আছোঁ। কেমোথেৰাপীৰ বাবে অহা মহিলাসকলে মোক স্বাভাৱিক কৰি তোলে। যুদ্ধখনৰ বাবে অনুপ্ৰেৰণা দিয়ে৷’

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme