1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:58 pm

ঘোষণা হ’ল নতুন মন্ত্ৰীৰ নাম, কোনে কোনে লাভ কৰিলে মন্ত্ৰীত্ব?

  • Update Time : Wednesday, June 8, 2022

ডিজিটেল ডেস্কঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসভাৰ সালসলনি। দুজনকৈ বিধায়কে স্থান লাভ কৰিছে মন্ত্ৰীৰ তালিকাত। বিজেপিৰ দুই বিধায়কে স্থান লাভ কৰিছে নতুন মন্ত্ৰীসভাত। মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল এই মন্তব্য।

মন্ত্ৰীসভাত ২জন মন্ত্ৰী অন্তৰ্ভুক্ত হ’লেও খালী থাকিব ৩টা মন্ত্ৰীপদ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব নতুন দুই মন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান। বিজেপিৰ কোন দুই বিধায়কে লাভ কৰিব মন্ত্ৰীত্ব সেই জল্পনা কল্পনাৰ অন্ত পেলাই ঘোষণা হ’ল নতুন মন্ত্ৰীসভাত স্থান পোৱা মন্ত্ৰীৰ নাম। জয়ন্ত মল্ল বৰুৱাই লাভ কৰিলে মন্ত্ৰীত্ব। ইয়াৰ পূৰ্বে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টাৰ পদত আছিল। মন্ত্ৰীসভাত স্থানপ্ৰাপ্ত আনগৰাকী হৈছে হাফলঙৰ বিধায়ক নন্দিতা গাৰ্লোছা।

উল্লেখ্য যে কাইলৈ ৩ বজাত কলাক্ষেত্ৰত শপতগ্ৰহণ কৰিব নৱনিযুক্ত দুগৰাকী মন্ত্ৰীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme