ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীৰ জামিয়া নগৰ অঞ্চলত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। জামিয়া নগৰৰ টিকাউনা পাৰ্ক অঞ্চলৰ মেট্ৰ’ পাৰ্কিং লটত জুইৰ সূত্ৰপাত। জুইত বৰ্তমানলৈ জাহ গৈছে বহুকেইখন গাড়ী। এঘাৰখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ জুই নুমুৱাৰ চেষ্টা অব্যাহত।
তথ্য অনুসৰি, জুই লগা পাৰ্কিং এলেকাত বাহনসমূহৰ চাৰ্জ দিয়াৰ ব্যৱস্থা কৰা হৈছিল। এই অগ্নিকাণ্ডত ১০ খন গাড়ী, ১ খন মটৰচাইকেল, ২ খন স্কুটি, ৩০ খন নতুন ই-ৰিক্সা, ৫০ খন পুৰণি ই-ৰিক্সা জ্বলাই ভস্মীভুত হৈছে। জুইৰ সূত্ৰপাত সম্পৰ্কে বৰ্তমানো জানিব পৰা হোৱা নাই।
উল্লেখ্য যে ৰাজধানী দিল্লীত বিগত ২৪ ঘণ্টাত এটাৰ পিছত আনটো অগ্নিকাণ্ডৰ ঘটনা। মঙলবাৰে নিশা দিল্লীৰ নৰ্থ ব্লকতো জুইৰ সূত্ৰপাত ঘটিছিল। গৃহ মন্ত্ৰালয়ৰ টেলিফোন এক্সচেঞ্জত এই অগ্নিকাণ্ডৰ ঘটনা। অৱশ্যে সাতখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুওৱাবলৈ সক্ষম হয়।