1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:28 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

অফিচৰ সহকৰ্মীৰ প্ৰেমত পৰিছে নেকি! তেনেহ’লে নাপাহৰিব এই ৪টা কথা…

  • Update Time : Monday, June 6, 2022

ডিজিটেল ডেস্কঃ প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। গতিকে কেতিয়া, কাৰ লগতে আপোনাৰ প্ৰেম হব সেয়া কোনেও ধৰি-বান্ধি দিয়া কথা নহয়। যদিহে আপুনি অফিচৰ সহকৰ্মীৰ প্ৰেমত পৰে, তেন্তে তলৰ এই চাৰিটা কথা কেতিয়াও নাপাহৰিব। এই কথা কেইটা মনত ৰাখি আপুনি প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ কৰ্মজীৱন আৰু ব্যক্তিগত জীৱন সুখেৰে পাৰ হব।

১. অফিচত সদায় প্ৰফেশ্যনেল থাককঃ অফিচত থকাৰ সময়ত আপোনালোক সদায়েই প্ৰফেশ্যনেল সম্পৰ্ক বজাই ৰাখক। দুয়োৰে ব্যক্তিগত কথাৰ প্ৰসংগ কামৰ মাজত আহিব নালাগে। ব্যক্তিগত কথা-বতৰাই অফিচৰ পৰিৱেশত ঋণাত্মক পৰিৱেশৰ সৃষ্টি কৰিব পাৰে।

২. মনৰ কথা অফিচত কেতিয়াও শ্বেয়াৰ নকৰিবঃ সম্পৰ্কত ভাল-বেয়া থাকিবই। সেই ভাল-বেয়াখিনি কেতিয়াও আপুনি অফিচলৈ লৈ নাহিব। এই ভাল বেয়াবোৰ কেতিয়াও অফিচৰ অন্য সহকৰ্মীৰ সৈতে শ্বেয়াৰ নকৰিব। এনে কৰিলে সম্পৰ্কটোৰ লগতে অফিচৰ কামত বেয়া প্ৰভাৱ পৰিব পাৰে।

৩. সম্পৰ্ক পাব্লিক নকৰিবঃ যেতিয়া আপুনি এটা নতুন সম্পৰ্কত আহিব, তেতিয়া সদ্যহতেই সকলোৱে কথাটো গম পাব। কিন্তু এটা কথা মনত ৰাখিব আপোনালোকৰ সম্পৰ্কটো এনেদৰে পাব্লিক নকৰিব যে, আপোনালোকৰ ডেটিঙৰ প্ৰসংগটোক লৈ অফিচত অন্য সহকৰ্মীসকলে আলোচনা কৰাৰ স্থল বিচাৰি পায়।

৪. অফিচৰ নম্বৰ বা ইমেইল কেতিয়াও ব্যৱহাৰ নকৰিবঃ প্ৰেমত কেতিয়াবা দুসাহসিক কামবোৰো কৰি ভাল লাগে। কিন্তু এটা কথা মনত ৰাখিব অফিচৰ নম্বৰ বা ইমেইল ব্যৱহাৰ কৰি কেতিয়াও প্ৰিয়জনক ব্যক্তিগত মেচেজ নপঠিয়াব। এনে কৰিলে পাছলৈ বিপদ হোৱাৰ উপৰিও ব্যক্তিগত কিছু গোপনীয়তাও অইনে জানিব পাৰে।

গতিকে অফিচৰ সহকৰ্মীৰ সৈতে প্ৰেম কৰোতে এই ৪টা কথা মনত ৰাখিহে প্ৰেম কৰক…

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme