1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 6:44 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

বন্ধ হ’ব ‘লেয়াৰ শ্বট’-ৰ বিজ্ঞাপন! পাৰফিউমৰ বিজ্ঞাপনে ধৰ্ষণৰ বাবেহে উৎসাহিত কৰিছে ক’লে…

  • Update Time : Sunday, June 5, 2022

ডিজিটেল ডেস্কঃ পাৰফিউমৰ বিজ্ঞাপন মানেই যেন এখন নীলা ছবিৰ আৰম্ভণি৷ পাৰফিউমৰ প্ৰায়সমূহ বিজ্ঞাপনতেই দেখা যায় নাৰীৰ আবুৰহীন দেহ৷ অৰ্ধনগ্ন দেহত পাৰফিউম মাৰিলেই আকৃষ্ট হৈ কাষ চাপি আহে পুৰুষ৷ বহু পাৰফিউম কোম্পানীয়েই দেখুওৱাই একেধৰণৰ উত্তেজক নাৰী শৰীৰ৷ আৰু সেই বিজ্ঞাপনত আকৃষ্ট হয় বহুজনেই৷ কিন্তু এইয়া কিমানদুৰ গ্ৰহণযোগ্য! প্ৰত্যেকটো কাৰ্যৰেই সীমাৰেখা একোডাল থকা উচিত৷ সেই সীমাৰেখা অতিক্ৰম কৰিলে এসময়ত মানুহ অতিষ্ঠ হয়েই৷ তাৰেই প্ৰতিফলন এইয়া৷ শেহতীয়াভাৱে প্ৰকাশ হৈ থকা ‘লেয়াৰ শ্বট’ নামৰ পাৰফিউমৰ বিজ্ঞাপনক লৈ ক্ষুদ্ধ হৈ পৰিছে সচেতন জনতা৷ প্ৰায়সংখ্যকেই এই বিজ্ঞাপনক ধৰ্ষণৰ বাবে নতুন প্ৰজন্মক উৎসাহিত কৰা বুলিও প্ৰকাশ কৰিছে৷

কিন্তু এই বিজ্ঞাপনত কি দেখুওৱা হৈছে? ‘লেয়াৰ শ্বট’-ৰ দুটা বিজ্ঞাপনক লৈয়েই আপত্তি দৰ্শাইছে সচেতন মহলে৷ এটা বিজ্ঞাপনত দেখুওৱা অনুসৰি এগৰাকী যুৱতীয়ে এটা শ্বপিং মলত বজাৰ কৰিছে৷ বজাৰ কৰি থকা যুৱতীগৰাকীৰ পিছফালে আহি ঠিয় হয় চাৰিগৰাকী যুৱক৷ চাৰিগৰাকীৰ মাজৰে এজনে কয়, ‘চাৰিজন আছো সন্মুখত এগৰাকীয়ে শ্বট এটা লওঁ!’ সেই কথা শুনিয়েই অকণমান থতমত খাই যুৱতীগৰাকীয়ে উভটি চাই৷ যুৱতীগৰাকীৰ চকুৱে-মুখে ফুটি উঠে আতংক৷ তাৰ পিছতেই দেখুওৱা হয় ‘লেয়াৰ শ্বট’-ৰ এটা বিশে, পাৰফিউমৰ বটল৷ অৰ্থাৎ যুৱক চাৰিজনে বটলটোক লক্ষ্য কৰিহে যেন কথাষাৰ কৈছিল তাকেই দেখুওৱা হয়৷ পাৰফিউমৰ বটলটো দেখুওৱাৰ পিছতহে আতংকমুক্ত হয় যুৱতীগৰাকী৷

আনহাতে আনটো বিজ্ঞাপনটো এক যুটিয়ে ঘনিষ্ঠ সময় কটাইছে৷ সেই সময়তেই তেওঁলোকৰ ঘৰলৈ কেইজনমান বন্ধুৰ আগমন ঘটে৷ সেইসময়তেই বন্ধু এজনে প্ৰশ্ন কৰে,‘নিশ্বয় শ্বট লৈছে?’ প্ৰশ্নৰ উত্তৰত ঘনিষ্ঠ সময় কটোৱা যুৱকজনে সন্মতি জনাই৷ প্ৰেমিকৰ সন্মতিসূচক বাক্যবাণ শুনি যুৱতীগৰাকীয়ে প্ৰেমীকক উদ্দেশ্যি আচৰিত দৃষ্টি নিক্ষেপ কৰে৷ তাৰ পিছতেই দেখুওৱা হয় বিচনাৰ কাষত এটা ‘লেয়াৰ শ্বট’-ৰ পাৰফিউম বটল৷ অৰ্থাৎ ইয়াতো পাৰফিউম বটলক উদ্দেশ্যিহে কথাষাৰ কোৱা বুলি বুজোৱা হয়৷

এই দুটা বিজ্ঞাপন সম্প্ৰচাৰিত হৈ আছে সামাজিক মাধ্যমৰ লগতে অন্যান্য প্লেটফৰ্মতো৷ বিজ্ঞাপনক লৈ প্ৰশ্ন তুলিছে নেটিজেনে৷ এইয়া কেনেধৰণৰ বিজ্ঞাপন? এই বিজ্ঞাপন প্ৰচাৰ কৰি নৱপ্ৰজন্মক কি বাৰ্তা দিয়া হৈছে? টুইটাৰ আৰু ইনষ্টাগ্ৰামকে ধৰি সামাজিক মাধ্যমত বহুতেই দৰ্শাইছে আপত্তি৷ ‘বিজ্ঞাপন কোম্পানীবোৰে অশ্লীললতাৰ সকলো সীমাৰেখা অতিক্ৰম কৰিছে৷ এই বিজ্ঞাপনেৰে পৰোক্ষভাৱে নৱ প্ৰজন্মক ধৰ্ষণৰ বাবেই উৎসাহিত কৰা হৈছে৷ এই বিজ্ঞাপনক লৈ কেৱল মহিলাই আপত্তি দৰ্শাইছে এনে নহয় বহু পুৰুষেও এই বিজ্ঞাপনক লৈ আপত্তি দৰ্শোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰোপৰি Advertising Standards Council of India (ASCI)-ৰ ওচৰত এক অভিযোগনামাও দাখিল কৰিছে একাংশ সচেতন মহলে৷

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme