ডিজিটেল ডেস্কঃ ভাৰতীয় নোটত এতিয়াৰে পৰা নাথাকিব জাতিৰ পিতাৰ ছবি! মহাত্মা গান্ধীৰ পৰিবৰ্তে এতিয়াৰে পৰা ভাৰতীয় নোটত দেখা যাব আব্দুল কালাম আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ছবি৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে এই কথা৷
ভাৰতীয় নোটত জাতিৰ পিতাৰ ছবি সলনি কৰা সন্দৰ্ভত ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু এপিজে আব্দুল কালামৰ ছবি সম্বলিত নতুন নোট দিল্লী আইআইটিৰ অধ্যাপক দিলীপ টি সাহানিলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ ৰিজাৰ্ভ বেংকে নতুন নোট পৰীক্ষণৰ বাবে ছিকিউৰিটি প্ৰিণ্টিং এণ্ড মিণ্টিং কৰ্পৰেছন অফ ইণ্ডিয়ালৈয়ো প্ৰেৰণ কৰিছে৷
উল্লেখ্য যে জালনোটৰ ব্যৱসায় দেশত বাঢ়ি যোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংকে৷ আনহাতে ২০২০ চনত নতুন নোট যদিও প্ৰচলন হ’ল তাৰ পিছতো জালনোটৰ ব্যৱসায় বন্ধ কৰিবলৈ সক্ষম হোৱা নাই৷ সেয়ে এই ব্যৱসায় দেশৰ পৰা উৎখাত কৰিবলৈকে কিছু উন্নত ফিচাৰ সংযোগৰ সিদ্ধান্ত লৈছে ৰিজাৰ্ভ বেংকৰ বিশেষ আভ্যন্তৰীণ কমিটিয়ে৷
নোটৰ নিৰাপত্তা বৃদ্ধিৰ বাবে একাধিক পৰীক্ষা-নিৰীক্ষাৰ অন্তত কমিটিয়ে নোটত ফটো সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আভ্যন্তৰীণ কমিটিয়ে আগবঢ়োৱা পৰামৰ্শ অনুসৰি নোটসমূহত এতিয়াৰে পৰা গান্ধীজীৰ উপৰিও অইন বিশিষ্ট লোকৰো ছবি ছপোৱাৰ সিদ্ধান্ত লৈছে৷ কিন্তু কোনবোৰ নোট সলনি হ’ব এইক্ষেত্ৰত বৰ্তমানো কোনো নিৰ্দেশনা জাৰি কৰা নাই ৰিজাৰ্ভ বেংকে৷