1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:07 am

শৰীৰ চৰ্চা নকৰাকৈ কেনেকৈ ওজন হ্ৰাস কৰিব?

  • Update Time : Thursday, June 2, 2022

ডিজিটেল ডেস্কঃ শৰীৰ চৰ্চা কৰি আপুনিও বেয়া পায় নেকি? শৰীৰ চৰ্চা নকৰাকৈয়ে কেনেকৈ কমাব মেদবহুলতা? ব্যায়াম অবিহনেই মেদবহুলতা কমাব পৰাৰ উপায় নথকা নহয়৷

শৰীৰৰ অত্যাধিক ওজন বাঢ়িলেই বিভিন্ন সমস্যাই দেখা দিয়ে৷ সেয়ে বহুতেই ওজন কমোৱাক লৈ মানসিক দুচিন্তাত ভুগে৷ কেৱল কোৱা কমোৱা বা শাৰীৰিক বায়ামেই একমাত্ৰ পথ বুলি ভাৱে৷ কিন্তু খোৱাৰ পৰিমান নিয়ন্ত্ৰণ কৰিলেও বহুসংখ্যকেই শাৰীৰিক ব্যায়াম কৰিব নিবিছাৰে৷ জিমত োগদান কৰিব বহুতৰেই সময় সুবিধা মিলোৱাও টান হয় তেনেক্ষেত্ৰত এইকেইটা উপায় আপুনিও গ্ৰহণ কৰিব পাৰে৷

নাচ

মেদবহুলতা দুৰ কৰাৰ অত্যন্ত সহজ উপায় হৈছে নাচ৷ দিনটোত মাত্ৰ আধা ঘণ্টা সময়ো যদি নাচৰ নামত ব্যয় কৰে তেন্তে তাৰ পৰা শৰীৰৰ বহু উপকাৰ হয়৷ ইয়াৰোপৰি নাচে এদিনতেই শৰীৰৰ পৰা ৪০০ ৰ পৰা ৫০০ কেলৰী পৰ্যন্ত ওজন কমাব পাৰে৷

খেল

শৰীৰৰ পৰা মেদবহুলতা আঁতৰাবলৈ খেলাধূলাও অপৰিহাৰ্য৷ খেলে শৰীৰৰ পেশী সঞ্চালনত সহায় কৰে৷ সমগ্ৰ শৰীৰৰেই ব্যায়াম হয়৷ ওজন কমাবৰ বাবে উত্তম এক উপায়েই হৈছে খেল৷ সাঁতোৰেও আমাৰ শৰীৰৰ পেশী সঞ্চালনত সহায় কৰে৷ ক্ৰিকেট, ফুটবল, বেডমিণ্টন আদি খেলেও শৰীৰৰ মেদবহুলতা দূৰ কৰাত সহায় কৰে৷ দৈনন্দিন অলপমান সময় খেলৰ নামত খৰচ কৰিলেই মেদবহুলতা কমোৱাত সহায়ক হয়৷

খোজকঢ়া

খোজকাঢ়িলেও বহু পৰিমানে মেদবহুলতা কমে৷ দৈনিক ৪০ ৰ পৰা ৪৫ মিনিট সময় খোজকঢ়াৰ অভ্যাস কৰাটো জৰুৰী৷ দৈনিক এনেদৰে খোজকাঢ়িলে ৪০০ কেলৰী পৰ্যন্ত ওজন হ্ৰাস হয়৷

ছিৰিৰ ব্যৱহাৰ

লিফটৰ সলনি ছিৰিৰ ব্যৱহাৰ কৰাটো জৰুৰী৷ ছিৰিৰ ব্যৱহাৰ কৰিলে শৰীৰৰ ওজন কমাত সহায়ক হয়৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme