1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:37 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

৫বছৰীয়া পুত্ৰৰ সন্মুখতে ধাৰাসাৰ গুলীবৰ্ষণ পিতৃ-মাতৃকঃ কেনেকৈ সংঘটিত হৈছিল মণিপুৰৰ সেই ভয়ংকৰ এম্বুছ, সবিশেষ

  • Update Time : Saturday, November 13, 2021

ডিজিটেল ডেস্কঃ শনিবাৰ। সময় পুৱা ১০বাজিছিল। পত্নী, পুত্ৰৰ সহিতে কেইজনমান নিৰাপত্তাৰক্ষীসহ ঘৰৰ পৰা ওলাই গৈছিল অসম ৰাইফলছৰ কামাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠী। গাড়ীৰ ভিতৰত পত্নী-পুত্ৰৰ সৈতে হাঁহি মাতি কিছুদুৰ যোৱাৰ পাছতে এটা বিকট শব্দ শুনা গল। কোনো দুৰ্বৃত্তই বোমা নিক্ষেপ কৰি চাৰখাৰ কৰি দিলে তেওঁলোকৰ বাহনখন। হঠাতে ইতি পৰিল কেইবাটাও জীৱন আৰু বহুকেইটা পৰিয়াললৈ নামি আহিল অমানিশা।

মণিপুৰ ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ আক্ৰমণঃ

শনিবাৰে(১১নৱেম্বৰ ২০২১)পুৱা ১০বজাত মনিপুৰৰ ম্যানমাৰ সীমান্তৰ শ্বেখান-বেহিয়াং আৰক্ষী থানাৰ এলেকাত সংঘটিত হয় এই ঘটনা। উগ্ৰপন্থীৰ ভয়ংকৰ এম্বুছত ৪০বছৰীয়া অসম ৰাইফলছৰ কামাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠীৰ লগতে ৩৮বছৰীয়া তেওঁৰ পত্নী, ৫বছৰীয়া পুত্ৰ অবীৰৰ লগতে কিউ আৰ টিত নিযুক্ত হৈ থকা ৫ জন জোৱান নিহত হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, মণিপুৰৰ কুগাত কৰ্মৰত কামাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠীয়ে প্ৰতিদিনাৰ দৰে চেক পোষ্ট নিৰীক্ষণৰ বাবে গৈছিল। শনিবাৰে এই নিয়মীয়া নিৰীক্ষণৰ সময়ত তেওঁৰ সৈতে গৈছিল পুত্ৰ আৰু পত্নীও।  চেক পোষ্ট পৰিদৰ্শন কৰি ঘৰলৈ উভতি অহাৰ পথতে সংঘটিত হয় এই অঘটন।

তিনিখন গাড়ী লৈ যোৱা টীমটোৰ ভিতৰত প্ৰথমে উগ্ৰপন্থীয়ে আক্ৰমণ কৰে এছৰ্কটৰ বাহনখনত। মাজৰ বাহনখনত বহি থকা কামাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠী আৰু পৰিয়ালৰ ওপৰত উগ্ৰপন্থীয়ে মৰ্টাৰ আৰু গুলীয়ে আক্ৰমণ কৰে। ঘটনাস্থলীতে কামাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠী আৰু পত্নী মৃত্যু হৈছিল। পিছৰ পৰ্যায়ত গুৰুতৰভাৱে আহত হোৱা ৫বছৰীয়া পুত্ৰ হস্পাতালত মৃত্যু হয়।

জ্যেষ্ঠ সাংবাদিক সুভাষ ত্ৰিপাঠীৰ বৰপুত্ৰ আছিল বিপ্লৱ ত্ৰিপাঠীঃ

৪০বছৰীয়া অসম ৰাইফলছৰ কামাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠী আছিল জ্যেষ্ঠ সাংবাদিক সুভাষ ত্ৰিপাঠীৰ ডাঙৰ পুত্ৰ। সুভাষ ত্ৰিপাঠীৰ দুয়ো পুত্ৰই কৰ্মৰত অসম ৰাইফলছত। মণিপুৰতে কৰ্মৰত বিপ্লৱ ত্ৰিপাঠীৰ ভাতৃ দুদিনৰ পূৰ্বে নিজা গৃহ ৰায়গড়ত উপস্থিত হৈছিল। কিন্তু এই ঘটনাৰ খবৰ পোৱাৰ পিছতে মৃতদেহ চমজি লবলৈ মণিপুৰলৈ ৰাওনা হৈছে। দেওবাৰে দিনৰ ভাগত কামাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠীৰ নশ্বৰ দেহ পাবগৈ নিজা গৃহ। ৰায়গড়ক কামাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠীৰ ঘৰত ইতিমধ্যে শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শোকপ্ৰকাশঃ

এনে ধৰণৰ ঘটনা কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। কঠোৰভাৱে নিন্দা কৰাৰ লগতে সন্ত্ৰাসবাদ নিৰ্মূলকৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব। মণিপুৰৰ উক্ত ঘটনাক লৈ এনেদৰে কয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ শোকসন্তপ্ত পৰিয়াললৈ তেওঁ গভীৰ সমবেদনা জ্ঞাপন কৰে।

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কি কয়ঃ

উক্ত ঘটনা সংঘটিত কৰা উগ্ৰপন্থী সংগঠনক কঠোৰ ভাষাৰে নিন্দা কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। টুইটাৰত সিঙে এনেধৰণৰ কূটাঘাটমূলক কাৰ্যই কোনো সমাধানৰ বাট মুকলি নকৰে বুলি উল্লেখ কৰি লিখিছে-  মণিপুৰৰ চুৰাচান্দপুৰত অসম ৰাইফলছৰ কনভয়ত হোৱা কাপুৰুচিত আক্ৰমণ অত্যন্ত বেদনাদায়ক আৰু নিন্দনীয়। দেশে কামাণ্ডিং অফিচাৰ, ৪৬ অসম ৰাইফলছ আৰু পৰিয়ালৰ দুজন সদস্যকে ধৰি ৫ জন  সাহসী সৈন্যক হেৰুৱাইছে। আটাইলৈকে মোৰ অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি আৰু পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলো।

মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ প্ৰতিক্ৰিয়াঃ

উক্ত ঘটনাক লৈ কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে। এই আক্ৰমণক অমানৱীয় আৰু দানৱীয় আক্ৰমণ আখ্যা দি সিঙে কয়- এই আক্ৰমণ সংঘটিত কৰা উগ্ৰপন্থীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হব । এই অমানবীয় আক্ৰমণ কোনোধৰণেই গ্ৰহণযোগ্য নহয়। শ্বহীদলৈ মোৰ শ্ৰদ্ধাঞ্জলি।

ঘটনাৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশঃ

মণিপুৰৰ ঘটনাক কঠোৰভাৱে নিন্দা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই আক্ৰমণত নিহত কামাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পৰিয়ালৰ সদস্য আৰু সেনা জোৱান কেইজনৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকগ্ৰস্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাইছে। সন্ত্ৰাসবাদীৰ  কূটাকঘাটমূলক কাৰ্যৰ বিৰুদ্ধে সকলো মাৰ বান্ধি থিয় হবলৈ তেওঁ আহ্বান জনায়।

 

 

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme