1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:37 am

কভিডত আক্ৰান্ত কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী

  • Update Time : Thursday, June 2, 2022

ডিজিটেল ডেস্কঃ কভিডত আক্ৰান্ত কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী৷ ED-ৰ চমন জাৰিৰ এদিন পিছতেই কভিডত আক্ৰান্ত হৈছে কংগ্ৰেছ নেত্ৰী গান্ধী৷ নেশ্যনেল হেৰল্ড গোচৰত ৮ জুন তাৰিখে হাজিৰ হোৱাৰো নিৰ্দেশ দিছিল ED-য়ে৷
কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাই প্ৰকাশ কৰা অনুসৰি ছোনিয়া গান্ধীয়ে বিগত সপ্তাহত নেতা-কৰ্মীৰ সৈতে কেইবাখনো বৈঠকত মিলিত হৈছিল৷ বুধবাৰে কৰা টেষ্টত কভিড পজিটিভ পোৱা গৈছে নেত্ৰীগৰাকীৰ৷ আনহাতে কভিডৰ মৃদু লক্ষণ ধৰা পৰাৰ বাবেই কভিড টেষ্ট কৰাবলৈ কৈছিল চিকিৎসকে৷ ইতিমধ্যে কভিড ধৰা পৰাৰ বাবে নিজা বাসগৃহতেই কোৱাৰেণ্টাইনত আছে কংগ্ৰেছ নেত্ৰীগৰাকী৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme