1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:03 am

বাৰমুখীয়াৰ পৰা লাভলীনাৰ বিশ্বমুখী যাত্ৰা…

  • Update Time : Saturday, November 13, 2021

ডিজিটেল ডেস্কঃ অসম তথা দেশবাসীৰ বাবে গৌৰৱৰ ক্ষণ। অসম কন্যা লাভলীনা বৰগোহাঁয়ে শনিবাৰে ৰাষ্ট্ৰপতিৰ হাতৰ পৰা গ্ৰহণ কৰে মেজৰ ধ্যানচন্দ খেল ৰত্ন  বটাঁ। অলিম্পিকত ব্যঞ্জ পদকেৰে সমগ্ৰ দেশবাসীক গৌৰৱাম্বিত কৰা অসম কন্যা লাভলীনাক এতিয়া শুভেচ্ছাৰে উপচাই পেলাইছে সকলোৱে।  বৰপথাৰৰ ভিতৰুৱা বাৰমুখীয়া গাঁৱৰ জীয়ৰী লাভলীনা বৰগোহাঁইৰ বিশ্বমুখী যাত্ৰা সচাঁকৈয়ে সপোন সপোন লগা। কঠোৰ পৰিশ্ৰম, একাগ্ৰতাৰ নানান বাধা নেওচিঁ লাভলীনাই আজি এই পৰ্যায়ত উপনীত হৈছে।

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা এই বটাঁ প্ৰদান অনুষ্ঠানত মেজৰ ধ্যানচন্দ খেল ৰত্ন  বটাঁ গ্ৰহণ কৰে অলিম্পিকৰ স্বৰ্ণজয়ী নীৰজ চোপ্ৰাইও। ভাৰতীয় মহিলা ক্ৰিকেটাৰ মিতালী ৰাজ, ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীকো এই বৰ্ষত প্ৰদান কৰা হয় মেজৰ ধ্যানচন্দ্ৰ খেল ৰত্ন বটাঁ। এই অনুষ্ঠানত ভাৰতীয় তাৰকা ক্ৰিকেটাৰ শিখৰ ধৱনক সন্মানিত কৰা হয় অৰ্জুন বটাঁৰে। উক্ত অনুষ্ঠানত প্ৰায় অৰ্ধ শতাধিক খেলুৱৈক ৰাষ্ট্ৰপতিয়ে মেজৰ ধ্যানচন্দ খেল ৰত্ন  বটাঁ আৰু অৰ্জুন বটাঁৰে সন্মানিত কৰে।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme