1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 4:42 pm
Trending:
চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting

নেপালত নিখোজ বিমান! ৪ নে ৭ গৰাকী ভাৰতীয় লোক আছিল বিমানখনত?

  • Update Time : Monday, May 30, 2022

ডিজিটেল ডেস্কঃ নেপালৰ দুৰ্ঘটনাগ্ৰস্থ বিমানত আছে ভাৰতীয় লোকো। দেওবাৰে পুৱা ১০ বজাৰ পৰা নেপালৰ পোখৰা বিমান বন্দৰৰ পৰা জমচম যোৱাৰ পথত নিখোজ হৈছে এখন বিমান। নিখোজ যাত্ৰীবাহী বিমানখনত উৰণত সময়ত আছিল ২২গৰাকীকৈ যাত্ৰী। নিখোজ বিমানখনত আছিল বিহাৰৰ একেটা পৰিয়ালৰে ৭গৰাকীকৈ লোক।

মুক্তিনাথ তীৰ্থ দৰ্শনৰ বাবে নেপালৰ পোখৰাৰ পৰা বিমানেৰে যাত্ৰা কৰিছিল পৰিয়ালটোৱে। ৰাজনকুমাৰ গোল নামৰ ব্যক্তিগৰাকীয়ে পৰিয়ালসহিতেই যাত্ৰা কৰিছিল মুক্তিধাম দৰ্শনৰ বাবে। পৰিয়ালৰ সদস্য ক্ৰমে ৰাজনকুমাৰৰ পিতৃ বাহাদুৰ গোলে, মাতৃ ৰামায়া গোলে, খুৰাক পুৰুষোত্তম গোলে, খুৰীয়েক তুলসী দেৱী, মোমায়েক মকৰ বাহাদুৰ আৰু মামীয়েক সুকুমাৰ তমাল। বৰ্তমানলৈ নিখোজ বিমানত যাত্ৰা কৰা ২২গৰাকী যাত্ৰীৰ এগৰাকীৰো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। নিখোজ হোৱাৰ পূৰ্বে শেষবাৰৰ বাবে বিমানখন দেখা গৈছিল নেপালৰ মুস্তাঙ্গ নামৰ এলেকাটোৰ আশে-পাশে। কিন্তু বিমানখনে তাত অৱতৰণ কৰাৰ আগেয়েই ধবলগীৰি পাহাৰৰ ফালে পুনৰ উভতি যায়। উভতি যোৱাৰ পিছৰে পৰাই বিমানখনৰ কোনোধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

সোমবাৰৰ পুৱাৰ পৰাই বিমানখন বিচাৰি সন্ধান অব্যাহত আছে। বিমানখনত যাত্ৰা কৰা ২২ যাত্ৰীৰ ৪গৰাকীয়ে আছিল ভাৰতীয়। ইয়াৰোপৰি তাত দুগৰাকীকৈ জাৰ্মান আৰু ১৩গৰাকী নেপালৰ লগতে অইন তিনিজন আছিল বিমান কৰ্মী। কিন্তু বিহাৰৰ পৰিয়ালটোৰ দাবী যে তেওঁলোকৰো ৭গৰাকীকৈ যাত্ৰী আছিল বিমানখনত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme