1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 5:08 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

সংসাৰ ভাঙিলে বন্ধুত্বকো বিদায় দিবনে? বলীউডে দিছে কি বাৰ্তা?

  • Update Time : Friday, May 27, 2022

ডিজিটেল ডেস্কঃ সংসাৰহে ভাঙিছে যুটি ভঙা নাই৷ বহুতৰে ধাৰণা, সংসাৰ ভাঙিল মানেই সম্পৰ্কত তিক্ততা আহিল৷ এজনে আনজনৰ হাতত ধৰা দুৰৈৰে কথা, মুখখন দেখিলেই প্ৰচণ্ড ক্ষোভ বেয়াপোৱাই মন মগজু গৰম কৰি তোলে৷ এই ধাৰণা সকলোৰে ক্ষেত্ৰতেই একেইনে? নাই ধাৰণা সলনি হৈছে। আমাৰ সমাজ সঁচাকৈয়ে উত্তৰণমুখী হৈছে৷

কৰণ জোহাৰৰ ৫০সংখ্যক জন্মদিন পালনে চৰ্চা লাভ কৰিছে সমগ্ৰতেই৷ কৰণৰ বাৰ্থডে পাৰ্টীত বলীউডৰ তাৰকাৰ ভীৰ নিশ্চয় সকলোৰেই চকুত পৰিছে৷ পাৰ্টীত দেখা গৈছে বলীউডৰ বহু হিট যুটি৷ বিকী-কেটৰীনা, ছেইফ-কৰীণা, কাজল-অজয়কে ধৰি বহু হিট যুঁটি উপস্থিত হৈছে এই পাৰ্টীত৷ কেৱল বিবাহিত যুঁটি কেইটিয়ে নহয়৷ সেই পাৰ্টীত দেখা হৈছে ঋতিক ৰোশনে তেওঁৰ প্ৰেয়সীৰে সেই পাৰ্টীত উপস্থিত হৈছে আনহাতে তাতেই দেখা গৈছে ঋতিকৰ পত্নীয়েও তেওঁৰ বৰ্তমানৰ প্ৰেমিকৰ হাতত ধৰি ফটোগ্ৰাফাৰৰ সন্মুখত থিয় দিছে৷ অৱশ্যে এই বিশেষ চেলিব্ৰিটিসকলক বাদ দিও অন্য এটা যুঁটিহে আহিছে নেটিজেনৰ চকুলৈ৷ সেই বিশেষ যুঁটিটো হৈছে আমিৰ খান আৰু কিৰণ ৰাওৰ৷ আমিৰৰ হাতত ধৰি একেলগে কৰণৰ পাৰ্টীলৈ গৈছে কিৰণ ৰাও৷

আমিৰ-কিৰণে একেলগে হাতে-হাত ধৰি যোৱা ফটোখন এতিয়া সমগ্ৰতে ভাইৰেল৷ বিগত কিছুদিন পূৰ্বে আমিৰ-কিৰণৰ বিবাহ বিচ্ছেদৰ খবৰে চৰ্চা লাভ কৰিছিল সমগ্ৰতে৷ বিচ্ছেদ হোৱা প্ৰাক্তন পত্নীৰ হাতত ধৰি একেলগে কেনেকৈ আহিব পাৰে আমিৰ৷ বিচ্ছেদৰ পিছত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা সম্ভৱ হৈ থাকেনে? কিন্তু এইয়া সম্ভৱ, এই কথাকেই প্ৰমাণ কিৰ দেখুওৱাইছে আমিৰ-কিৰণে৷ কৰণৰ বাৰ্থডে পাৰ্টীত যদিও দুয়ো একেলগে উপস্থিত হৈছে তথাপিও বৰ্তমাণ দুয়োৱেই প্ৰেমিক-প্ৰেয়সী হিচাপে স্থান দিছে অন্য কাৰোবাক৷ এই সম্পৰ্ক বৰ্তমান কেৱল বন্ধুত্বৰহে৷

শেহতীয়াকৈ ভাইৰেল হোৱা খবৰ অনুসৰি আমিৰে দংগলত তেওঁৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰা ফাতেমা ছানা শ্বেখৰ প্ৰেমত পৰিছে৷ হয়তো অচিৰেই বিবাহপাশতো আবদ্ধ হ’ব ফাতেমা-আমিৰ৷ কিন্তু প্ৰেমত পৰিল বুলিয়েই প্ৰাক্তন পত্নীক সম্পূৰ্ণ অৱজ্ঞাই কৰিব এনে নহয়৷ বিবাহ নাথাকিলেই বন্ধুত্বও শেষ হ’ব সেয়াও নহয়, আমিৰৰ ভাইৰেল ফটোখনক লৈ আমিৰ-কিৰণ অনুৰাগীয়েও এই কথাকেই সামাজিক মাধ্যমত ট্ৰেণ্ড কৰা পৰিলক্ষিত হৈছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme