ডিজিটেল ডেস্কঃ গাড়ীৰ চকা বা বিদ্যুতৰ খুটা আদিত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে জানেনে? কুকুৰে চকাত বা খুটা ইত্যাদিত প্ৰস্ৰাৱ কৰাৰ আঁৰত আছে তিনিটা বিশেষ কাৰণ৷
এনেদৰে প্ৰস্ৰাৱ কৰাৰ প্ৰথম কাৰণটোৱেই হৈছে নিজৰ এলেকা চিহ্নিতকৰণৰ বাবে কুকুৰে এনেদৰে প্ৰস্ৰাৱ কৰি যায়৷ কুকুৰটোৱে তাৰ সংগীক বিচাৰি উলিওৱাৰো সহজ উপায় হিচাপে গ্ৰহণ কৰে এই পন্থাটোকেই৷ গাড়ীৰ চকা বা বিদ্যুতৰ খুটা ইত্যাদিত প্ৰস্ৰাৱ কৰিলে অন্য সংগীয়েও বুজে যে তাৰ সংগী কৰোবাত আশে পাশেই আছে৷
দ্বিতীয়তে এইয়া কুকুৰৰ স্বভাৱজাত আচৰণেই৷ সমতলত কুকুৰে প্ৰায়েই প্ৰস্ৰাৱ নকৰে৷ কোনো ওখ স্থানত প্ৰস্ৰাৱ কৰিবলৈহে ভালপায়৷ ওখস্থানত প্ৰস্ৰাৱ কৰিলে আশে পাশে থকা সংগীকো বিচাৰি উলিওৱাত সহজ হ’বৰ বাবেই এনেদৰে প্ৰস্ৰাৱ কৰে৷ আনহাতে মাটিত প্ৰস্ৰাৱ কৰিলে সেই গোন্ধ দীৰ্ঘস্থায়ী নহয়৷
কুকুৰে গাড়ীৰ টায়াৰত প্ৰস্ৰাৱ কৰাৰ আন এটি বিশেষ কাৰণ হ’ল কুকুৰে টায়াৰৰ গোন্ধ বিশেষভাৱে ভালপায়৷ টায়াৰৰ গোন্ধৰ আকৰ্ষণতো কুকুৰে বাৰে বাৰে টায়াৰত প্ৰস্ৰাৱ কৰে৷