1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:16 am

অত্যধিক মূৰৰ বিষ আছে ,ঘৰুৱা উপায়েৰে পাব পৰিত্ৰাণ…

  • Update Time : Thursday, May 26, 2022

ডিজিটেল ডেস্কঃ অত্যাধিক মূৰৰ বিষৰ সমস্যা আছে? সচৰাচৰ প্ৰায়সংখ্যক লোকেই ভূগি থকা এটা সমস্যা হৈছে মূৰৰ বিষ। মূৰৰ বিষ কি কি কাৰণত হ’ব পাৰে? অত্যাধিক মানসিক চাপ, অনিয়মিত খাদ্যভ্যাস ইত্যাদিকে ধৰি বহুকেইটা কাৰণ মূৰৰ বিষৰ সৈতে সংপৃক্ত হৈ থাকে। এই মূৰৰ বিষৰ পৰা ৰেহাই পাবলৈ আমি সচৰাচৰ গ্ৰহণ কৰা উপায়টোৱেই হৈছে ফাৰ্মাচীৰ পৰা এটা বাম কিনি আনি ঘঁহি লোৱা। অকণমান আৰাম পাবলৈকে প্ৰায়সংখ্যক লোকেই বামৰ সহায় লয়। কিন্তু সেই আৰাম ক্ষণস্থায়ী। বাম লগাই ক্ষন্তেক সকাহ লোৱাতকৈ নিজেই ঘৰতেই তৈয়াৰ কৰিব পাৰে মূৰৰ বিষৰ ঔষধ।

কেনেকৈ তৈয়াৰ কৰিব পাৰি এই ঔষধ?

কেনেকৈ তৈয়াৰ কৰিব এই ঔষধ। খাটি নাৰিকলৰ তেলৰ সৈতে Essential Oil মিহলি কৰি ইয়াক তৈয়াৰ কৰিব পাৰি। পোনতে নাৰিকলৰ তেলখিন অকণমান গৰম কৰি ল’ব লাগিব। গৰম কৰা তেলখিনিত কেইটোপাল মান Essential Oil মিহলি কৰি ল’ব। সেই মিশ্ৰণটো কাঁচৰ বটলত ভৰাই ফ্ৰীজত থৈ দিব। অন্য বাম ব্যৱহাৰ কৰি থকাটো এটা অভ্যাষত পৰিণত হৈ পৰে। সেয়ে সেই অভ্যাস আঁতৰাবলৈকো ঘৰতেই তৈয়াৰ কৰা এই তেল ব্যৱহাৰ কৰিব পাৰে।

ঘৰুৱাভাৱে তৈয়াৰ কৰা এই বিশেষ বামে মস্তিষ্কৰ স্নায়ুক আৰাম দিয়ে। মানসিক ক্লান্তিও যথেষ্ট কমি যায়। তাৰ ফলত মূৰৰ বিষ কমি আহে। খুব কম সময়তেই আৰামো পোৱা যায়। টোপনিও ভাল কৰাত এই বামে সহায় কৰে। টোপনি ভাল হ’লে শৰীৰৰ এই সমস্যাসমূহ কমি আহে। শান্ত মনেৰে দিনটোৰ শুভাৰম্ভ কৰাতো সহায় হয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme