ডিজিটেল ডেস্কঃ বলিউডত বিয়াৰ উজান উঠিছে৷ ইখনৰ পাচত আন এখন হেভীৱেট বিবাহৰ খবৰ এতিয়া বলীউডত। অভিনেত্ৰী কেটৰিণা কাইফ আৰু বিকী কৌশালৰ সমান্তৰালকৈ ৰাজকুমাৰ ৰাও আৰু পাত্ৰলেখায়ো শীঘ্ৰে বিবাহপাশত আৱদ্ধ হোৱাৰ মন মেলিছে৷ পিছে এই দুই বিবাহক লৈ চৰ্চা চলি থকাৰ সময়তে এতিয়া আন এক বিবাহৰ খবৰক লৈয়ে আগ্ৰহী দেখা গৈছে একাংশক। বিশেষ বিবাহখনক লৈ তোলপাৰ লাগিছে সমগ্ৰ বলিউড।
অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিয়া! সকলো সময়তে বিতৰ্কিত মন্তব্য কৰি সংবাদশীৰ্ষত থকা অভিনেত্ৰীগৰাকীৰ বিবাহৰ খৱৰকলৈ উৎসাহী হৈ উঠিছে কংগনাৰ অনুৰাগীসকলো। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক প্ৰদান কৰা হৈছে পদ্মশ্ৰী বঁটা৷ এই বঁটা লাভ কৰাৰ পিছত অভিনেত্ৰীগৰাকীয়ে এটা মন্তব্য কৰিছিল, ভাৰতে ১৯৪৭ ত স্বাধীনতা পোৱা নাই ভাৰতে স্বাধীনতা লাভ কৰিছে ২০১৪ চনতহে। এই মন্তব্যৰ পিছতেই পুনৰ বিতৰ্কত সোমাই পৰিছে অভিনেত্ৰীগৰাকী। একাংশই তেওঁক প্ৰদান কৰা পদ্মশ্ৰী উভতাই ল’ব লাগে বুলিও মন্তব্য কৰিছে।
কিন্তু এই বাদ-বিবাদৰ মাজতে কংগনা ৰানাৱত সাজুঁ হৈছে মাহ-হালধী সানিবৰ বাবে। এক সাক্ষাৎকাৰত কংগনাই প্ৰকাশ কৰিছে এনেদৰে, ‘মই অতি শীঘ্ৰে বিবাহপাশত আৱদ্ধ হৈ মাতৃ হ’ব বিচাৰো৷” এগৰাকী ভাল পত্নী আৰু এগৰাকী ভাল মাতৃ হোৱাৰ ইচ্ছা মোৰো আছে।’ বিতৰ্কত থাকি ভালপোৱা অভিনেত্ৰী কংগনাই পাতনি মেলিব খুজিছে সাংসৰিক জীৱনৰ। পিছে কংগনাৰ দৰা হ’ব কোন? সামাজিক মাধ্যমত কংগনাই কাক পিন্ধাব বৰমালা এই বিষয়টোৱেও চৰ্চা লাভ কৰিছে। একাংশই কৈছে ৰাখী স্বাৱন্তৰ দৰে কংগনাইয়ো স্বয়ম্বৰ পাতিব! কাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ মন মেলিছে কংগনাই এই ক্ষেত্ৰত কোনোধৰণৰ মন্তব্য কৰা নাই কংগনাই।
উল্লেখ্য যে, অভিনেত্ৰী কংগনা ৰাণাৱটক বহু লোকে সমালোচনা কৰে যদিও এগৰাকী স্পষ্টবাদী নাৰী বুলিও সমৰ্থন কৰে একাংশই। শেহতীয়াকৈ পদ্মশ্ৰী বঁটা লাভ কৰাৰ পাচত কংগনাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সৈতে এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে৷ এই ফটোকপিত কেপচনত কংগনাই লিখিছে,’এটা প্ৰশ্নই মোক বৰকৈ আমনি কৰিছে, যেতিয়া মই মোৰ কৰ্মজীৱন আৰম্ভ কৰিছিলো৷ মই নিজকে সুধিছিলো যে মই ধনৰ বাবে কাম কৰি আছো নেকি? তেতিয়া মোক মোৰ বিবেকে উত্তৰ দিছিল যে মই সন্মাম অৰ্জন কৰিব বিচাৰো আৰু মোৰ বাবে সেইটোৱেই আটাইতকৈ মূল্যৱান সম্পদ৷ দেশৰ সৰ্ববৃহত অসামৰিক সন্মানৰ বাবে মোক যোগ্য ভৱাৰ বাবে ভাৰতবাসীৰ ওচৰত মই সদায়ে কৃতজ্ঞ৷’