1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:34 am

পেৰিছৰ ‘কাঁ’ মহোৎসৱলৈ নগ্ন হৈ আহিল যুৱতী, কিন্তু কিয়?

  • Update Time : Monday, May 23, 2022

ডিজিটেল ডেস্কঃ নগ্ন হৈ  কিয় প্ৰতিবাদত নামে মহিলা? পোনতে ক’ত  নগ্ন হৈ প্ৰতিবাদ কৰিছিল মহিলাই জানেনে? দেশত প্ৰথমেই মহিলাৰ নগ্ন প্ৰতিবাদ হৈছিল মণিপুৰত। সেই প্ৰতিবাদ দেখি চকু থৰ হৈছিল দেশৰ প্ৰত্যেকগৰাকী জনতাৰ। সেই প্ৰতিবাদ আছিল ধৰ্ষণৰ বিৰুদ্ধে। সময় আছিল ১৯৭২চনৰ প্ৰায় মাজভাগ। মনিপুৰত তেতিয়া দিয়া হৈছিল আৰ্মড স্পেছিয়েল পাৱাৰ এক্ট। সেই সময়তেই এগৰাকী ৩২ বছৰীয়া যুৱতীৰ হত্যা হৈছিল। নিহত থাংজাম মনোৰমা নামৰ যুৱতীগৰাকীৰ গুলীবিদ্ধ শৰীৰটোৰ মৰোনোত্তৰ পৰীক্ষাত ওলোৱা তথ্যই সকলোকে আচৰিত কৰি তোলে। যুৱতীগৰাকীক হত্যাৰ পূৰ্বে উপৰ্যোপৰি ধৰ্ষণ কৰি গুলী কৰি হত্যা কৰিছিল সেনাই। এই হত্যাকাণ্ডটোৰ আঁৰত ভাৰতীয় অৰ্ধসামৰিক ইউনিট ১৭ আসাম ৰাইফলছৰ সেনা জড়িত থকা বুলি প্ৰায় সংখ্যকেই দাবী কৰে। মনোৰমাৰ মৃত্যুক লৈয়েই পিছত আসাম ৰাইফলছৰ কাংলাদুৰ্গাত থকা শিবিৰৰ সন্মুখত নগ্ন হৈ প্ৰতিবাদ কৰিছিল অঞ্চলটোৰ মহিলাসকলে।

মণিপুৰত মহিলাই নগ্ন হৈ কৰা সেইয়াই একমাত্ৰ প্ৰতিবাদ নাছিল। তাৰ পিছতো মহিলাই নগ্ন হৈ প্ৰতিবাদ কৰিছে। বিতৰ্কিত আফস্পা আইনৰ বিৰুদ্ধে সাবিত্ৰী হেইচনাম নামৰ এগৰাকী মহিলাইয়ো কৰিছিল নগ্ন প্ৰতিবাদ। ৰাষ্ট্ৰই চলোৱা অত্যাচাৰে ক্ষোবিত কৰিছিল সাবিত্ৰীক যাৰ বাবে এনেদৰে প্ৰতিবাদত নামে সাবিত্ৰী। আফস্পা আইনৰ অচিলা লৈ বহু সেনাই ধৰ্ষণ কৰিছিল মনিপুৰৰ যুৱতীসকলক। তাৰ বাবেই লজ্জাবোধৰ কথা পাহৰি পেলাইছিল অঞ্চলটোৰ নাৰীয়ে। নামি পৰিছিল নগ্ন প্ৰতিবাদত। নাৰীয়ে এনেদৰে প্ৰতিবাদত নমা বাতৰিয়ে ভাৱিবলৈ বাধ্য কৰাইছিল দেশৰ সেই সময়ৰ শাষকপক্ষকো।

‘সভ্যতাই যেতিয়া নিজেই নিজৰ সন্মান ৰক্ষাত ব্যৰ্থ হয় তেতিয়াই এনেদৰে সভ্যতাই বান্ধি দিয়া পোছাক দলিয়াই পেলাবলৈ কুণ্ঠাবোধ নকৰে নাৰীয়ে। মানৱতা লাঞ্চিত হ’লে, পোছাকৰ শালীনতাই জানো কেৱল মানুহক জীৱশ্ৰেষ্ঠতাৰ পৰিচয় দিব পাৰিব? পণ্যতাৰ বজাৰত নাৰী, বহুজাতিক কোম্পানীৰ বিজ্ঞাপনত নাৰী শৰীৰ। পোছাকৰ শালীনতাৰ কথা জানো এতিয়া ক’ত আছে? নগ্নতা কেৱল এক ফেণ্টাছি নহয়। এই সমাজ ব্যৱস্থাত নাৰী শৰীৰ কেৱল এক পণ্য সামগ্ৰী নহয়, এই শৰীৰেই হৈ উঠিব পাৰে কেতিয়াবা প্ৰতিবাদৰ ধৰাল তৰোৱাল, সেই ধৰাল তৰোৱালৰ সন্মুখত এদিন ঢলি পৰিব লাগিব এই পণ্যতাৰ বজাৰ।’ এই কথাকেই প্ৰতিবাদৰ ভাষা হিচাপে লৈ আজিৰ নাৰীয়ে প্ৰতিবাদৰ এক ভাষা হিচাপে লৈছে নগ্নতাকো।

শেহতীয়াভাৱে পেৰিছত অনুষ্ঠিত ‘কাঁ’ ফিল্ম ফেষ্টিভেলত এগৰাকী নাৰীৰ নগ্ন প্ৰতিবাদে পুনৰবাৰ বিষয়টো চৰ্চালৈ আনিছে। কান ফেষ্টিৱেলত পেৰিচৰ এটা নাৰীবাদী সংগঠন এছচিইউএমৰ এগৰাকী সদস্যই নগ্নভাৱে প্ৰৱেশ কৰিছে ‘কাঁ’ত। মহিলাগৰাকীয়ে এনেদৰে প্ৰৱেশ কাৰণো প্ৰকাশ কৰিছে। বিগত ২৪ ফেব্ৰুৱাৰীৰ পৰাই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ চলিছে ৰাছিয়াৰ। এই যুদ্ধৰ পৰিবেশৰ মাজতেই আহিছে ভয়ংকৰ খবৰ। এই যুদ্ধৰ মাজতেই ধৰ্ষিতা হৈছে প্ৰায় ১০হেজাৰ মহিলা। আনকি ধৰ্ষণৰ পৰা ৰেহাই পোৱা নাই ৭ বছৰীয়া নাবালিকায়েও। বিশ্ব দৰবাৰত এই তথ্য তুলি ধৰিবলৈকে এনেদৰে প্ৰৱেশ কৰিছে মহিলাগৰাকীয়ে বুলি প্ৰকাশ কৰিছে। প্ৰতিবাদী মহিলাগৰকীয়ে নগ্ন শৰীৰত আঁকি লৈছে ইউক্ৰেইনৰ পতাকা।

ইয়াৰ পূৰ্বেও ইৰাকৰ যুদ্ধৰ সময়ত এনেদৰে প্ৰতিবাদ কৰিছিল একাংশ মহিলাই। ইফালে ২০০৮ চনৰ পৰা ইউক্ৰেইনৰ এটা ফিমেন গোষ্ঠী নামৰ সংগঠনে মহিলাৰ যৌনদাসী হিচাপে ব্যৱহাৰ কৰাৰ প্ৰতিবাদত অৰ্ধ নগ্ন প্ৰতিবাদ কৰি আহিছে। ২০১৭ চনতো বুয়েনছ আইৰেছ প্ৰেছিডেণ্ট ভৱনৰ সন্মুখত শতাধিক মহিলাই কৰিছিল নগ্ন প্ৰতিবাদ। ২০২০ চনতো আৰক্ষীৰ হাতত লাঞ্চিত কৃষ্ণাঙ্গ জৰ্জ ফ্লয়েডৰ হত্যাৰ প্ৰতিবাদী মিছিলতো নগ্নভাৱে ওলাই আহিছিল নাৰী। যেতিয়াই বিশ্বৰ যি প্ৰান্তত যুদ্ধৰ অৱকাশ হৈছে তাতেই ধৰ্ষিতা হৈছে নাৰী। এই ধৰ্ষণ অথৱা যুদ্ধ পৃথিৱীত আৰু কিমান দিনলৈ? ‘কাঁ’ত শেহতীয়াভাৱে নগ্ন প্ৰতিবাদ কৰা মহিলাগৰাকীয়ে তুলিছে বিশ্ববাসীলৈ প্ৰশ্ন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme