ডিজিটেল ডেস্কঃ বিগত কেইটা দিনৰ নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি, ভূমিস্খলনৰ ঘটনা৷ হাফলঙকে ধৰি ৰাজ্যৰ প্ৰায় ২৬ খন জিলাই বানৰ কৱলত৷ গুৱাহাটী মহানগৰবাসীয়েও কৃত্ৰিম বানৰ বাবে জীয়াতু ভূগিব লগা হৈছে৷ শেহতীয়াকৈ চৰকাৰীভাৱে দিয়া এক নিৰ্দেশনাই চিন্তিত কৰিছে মহানগৰৰ একাংশ বাসিন্দাক৷ মহানগৰীৰ ৩৬৬টা পৰিয়ালক ভূমিস্খলনৰ আশংকাৰে বাসগৃহ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে৷
মহানগৰীৰ পানীখাইতী, চন্দ্ৰপুৰ, ইত্যাদি এলেকাৰ বহুলোকক ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে৷ প্ৰশাসনে দিয়া জাননীত পানীখাইতীৰ ১৬টা পৰিয়াললৈ ঘৰ খালীৰ বাবে জাননী প্ৰেৰণ৷ চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়াই এই নিৰ্দেশ প্ৰদান কৰিছে অঞ্চলবাসী ৰাইজক৷ অঞ্চলটোত পাহাৰৰ মাটি খহাৰ তীব্ৰ সম্ভাৱনালৈ লক্ষ্য ৰাখিয়েই এই জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে৷
ইফালে পানীখাইতীতো ভয়াৱহ ভূমিস্খলনৰ আশংকা ব্যক্ত কৰিছে প্ৰশাসনে৷ কামৰূপ মেট্ৰ’পলিটান জিলা প্ৰশাসনে শণিবাৰে গুৱাহাটীৰ কেইবাটাও ঠাইত ভূমিস্খলনৰ আশংকাৰে বাসিন্দাসকলক ঘৰ খালী কৰি সুৰক্ষিত স্থানলৈ যাবৰ বাবে প্ৰেৰণ কৰিছে জাননী৷