1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:11 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

আশ্চৰ্যকৰ! মাত্ৰ ২১ সপ্তাহতে ভূমিস্থ হ’ল সন্তান

  • Update Time : Friday, November 12, 2021
Portrait of newborn baby and hand

ডিজিটেল ডেস্কঃ পৃথিৱীৰ আটাইতকৈ অপৈণত শিশুটো জন্ম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত। জন্মৰ সময়ত নৱজাতকটোৰ ওজন মাত্ৰ ৪২০ গ্ৰাম। নৱজাতকটো এক পাউণ্ড অৰ্থাৎ আধা কিলোতকৈ কম ওজনৰ। এই অপৈণত শিশুটোৰ জন্ম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্মিংহামৰ আলাবামাত। এই অপৈণত শিশুটোক লৈ এতিয়া চৰ্চা চলিছে সমগ্ৰ বিশ্বতে। সাধাৰণতে গৰ্ভধাৰণৰ সময় ৪০ সপ্তাহ কিন্তু এই শিশুটো ২১ সপ্তাহ এদিনতে জন্ম হয়। ২১ সপ্তাহত জন্ম হোৱা বাবেই ইয়াক পৃথিৱীৰ ভিতৰত আটাইতকৈ অপৈণত শিশু বুলি স্বীকৃতি দিয়া হৈছে। সাধাৰণ নৱজাতকৰ তুলনাত প্ৰায় ১৯ সপ্তাহ আগতে জন্ম হৈছে এই শিশুটো।

আমেৰিকাত জন্ম লাভ কৰা এই অপৈণত শিশুটোৰ নাম কাৰ্টিছ ৰখা হৈছে। অপৈণত যদিও মাতৃ আৰু কেঁচুৱা দুয়ো স্বাস্থ্যৱান বুলি জনাইছে চিকিৎসকে। চিকিৎসকে জনোৱা অনুসৰি ২১ সপ্তাহতে জন্ম হোৱা শিশুৰ সাধাৰণতে জীয়াই থকাৰ সম্ভাৱনা অত্যন্ত কম থাকে। এনকৈ জন্ম হোৱা শিশুৰ মাত্ৰ এক শতাংশ শিশুহে জীয়াই থাকে। কাৰ্টিছ সেই এক শতাংশৰ মাজৰে এজন। বৰ্তমানো চিকিৎসালয়ৰ আইচিইউত ভৰ্তি হৈ থকা কাৰ্টিছক লৈ আশাবাদী চিকিৎসকমহলো। কিয়নো কাৰ্টিজে অন্য পৈমত শিশুৰ দৰেই প্ৰায় সুস্থ অৱস্থাতে আছে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme