1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 4, 2025, 3:16 pm

হাই ভল্টেজ বৈদ্যুতিক তাঁৰত বহিলেও চৰাইৰ একো নহয় কিয়?

  • Update Time : Thursday, May 19, 2022

ডিজিটেল ডেস্কঃ পৃথিৱীত এনে বহু ঘটনা ঘটি থাকে। যিবোৰ আমি প্ৰতিদিনেই প্ৰত্যক্ষও কৰো কিন্তু বিশেষ গুৰুত্বপূৰ্ণ বুলি নাভাৱো। জনাৰ আগ্ৰহো প্ৰকাশ নকৰো। অলৌকিক ঘটনা ঘটে অথচ এই ঘটনাবোৰৰ সৈতে ইমানেই অভ্যস্ত যে আমি ইয়াত একো আচহুৱা দেখা নাপাওঁ। উদাহৰণস্বৰূপে বিদ্যুত পৰিবাহী তাঁৰত বহি থকা চৰাইবোৰ। আপুনিও নিশ্চয় এনেকৈ বৈদ্যুতিক তাঁৰত আৰামেৰে চৰাইবোৰক বহি থকা দেখিছে। কিন্তু এনেদৰে বহি থকা চৰাইবোৰক বৈদ্যুতিক তাঁৰে শ্বৰ্ট নকৰে কিয়? এই তাঁৰবোৰেৰেতো বিদ্যুত পৰিবাহিত হৈ থাকে।

ইয়াৰ আঁৰত আছে বিশেষ কাৰণ। আমাৰ প্ৰায় প্ৰতিঘৰ মানুহৰ ঘৰতেই বিদ্যুতৰ সংযোগ আছে। এই তাঁৰবোৰেৰেই বিদ্যুত ঘৰলৈ পৰিবাহিত হৈ থাকে। বৈদ্যুতিক তাঁৰেৰে ঘৰলৈ অহা বিদ্যুতেৰে ঘৰৰ বাল্ব আৰু ফেন আদি চলে। এই বিদ্যুত ,সংযোগৰ বাবে আমাৰ ঘৰসমূহত বিশেষভাৱে সংযোগ বৰ্তনী কৰা হয়। এটা বৰ্তনীৰ মাজেৰেহে ঘৰৰ বিভিন্ন বাল্ব আদি জ্বলি উঠে। যেতিয়া চৰাইবোৰ ওলমি থকা তাঁৰত বহে, তেতিয়া বিদ্যুত অনুভৱ নকৰে কাৰণ তেতিয়া বৰ্তনীটো সম্পূৰ্ণ নহয়। কিন্তু চৰাইয়ে যদি মাটিৰ লগতে তাঁৰৰ সংস্পৰ্শলৈ আহে, তেন্তে বিদ্যুত প্ৰবাহিত হ’ব, অৰ্থাৎ চৰাইটোৰ মৃত্যু ঘটিব পাৰে।

এয়া হৈছে বৈদ্যুতিক প্ৰবাহৰ নিয়ম। তাঁৰৰ মাজেৰে এঠাইৰ পৰা আন ঠাইলৈ বিদ্যুৎ প্ৰবাহিত হয়। এই তাঁৰৰ মাজেৰে বিদ্যুতৰ প্ৰবাহ ভালদৰে হ’বলৈ তামৰ তাঁৰ ব্যৱহাৰ কৰা হয়। আনহাতে চৰাইৰ শৰীৰত এনে কোষ আৰু কলা থাকে, যিয়ে নিজেই ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিব পাৰে। যাৰ বাবে বহি থাকিলেও শ্বৰ্ট কৰাৰ সম্ভাৱনা নাথাকে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme