1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:39 am

বাবল ৰেপ বা বুদবুদ দেখিলেই আপোনাৰো ফুটোৱাবলৈ মন যায়, তেন্তে আপুনিও আছে এই চিন্তাত…

  • Update Time : Thursday, May 19, 2022

ডিজিটেল ডেস্কঃ বাবল ৰেপ দেখিলেই আপোনাৰো ফুটোৱাবলৈ মন যায়। কিয় দেখা মাত্ৰকে ফুটোৱাবলৈ মন যায় জানেনে? ইয়াৰ আঁৰত আছে বিশেষ গুৰুত্বপূৰ্ণ কাৰণ।

আজিকালি আমি প্ৰায়সংখ্যকেই অনলাইনযোগে সামগ্ৰী ক্ৰয় কৰো। ইলেক্ট্ৰিক সামগ্ৰী ক্ৰয় কৰিলে এই বাবল ৰেপেৰে সামগ্ৰীবিধ বন্ধা থাকে। গ্লাছৰ সামগ্ৰী বা অন্য ভঙ্গুৰ সামগ্ৰী বান্ধিবলৈকো ইয়াক ব্যৱহাৰ কৰা হয়। সামগ্ৰীবিধ খোলা মাত্ৰকে এই বাবল ৰেপটো ফুঠোৱাবলৈ সকলোকেই আগ্ৰহী দেখা যায়। কিয় ইয়াক ফুটোৱাবলৈ মন যায়? ইয়াৰ সৈতে মনোবৈজ্ঞানিক বিষয় জড়িত হৈ থাকে। এই বাবল নভঙালৈকে মনটোৱেও শান্তি অনুভৱ নকৰে। কি এই মানসিক কাৰণ?

মানসিক চাপ

দৰাচলতে, আধুনিক জীৱনশৈলীত, বেছিভাগ মানুহেই হতাশা বা চাপত ভুগি থাকে। মনোবিজ্ঞান মতে, যেতিয়া এজন ব্যক্তি চাপত থাকে তেতিয়া এই সৰু সৰু স্পঞ্জি বস্তু ধৰি ৰখাটোত শান্তি লভে। যাৰ বাবে টেনশ্ব্যন ফ্ৰিৰ বাবে চিকিৎসকেও ৰোগীত হাতত তুলি দিয়ে সৰু স্পঞ্জী বল। সেইবোৰত হেঁচা প্ৰয়োগ কৰি থাকিলে সেই চাপে মনৰ চাপক আঁতৰোৱাত সহায় কৰে। ঠিক একেদৰে এই বাবলবোৰো। যেতিয়া এজন ব্যক্তিয়ে বাবল বা বুদবুদবোৰ ভাঙে, তেওঁৰ মন স্বাচ্ছন্দ্যত ভৰি পৰে। ইয়াৰ বাবে, এটাৰ পিছত আনটো ভঙাত লাগি পৰে।

মনটোক সলনি কৰা

যেতিয়া এজন ব্যক্তিয়ে বাবল বা বুদবুদ ভঙাত লাগে তেতিয়া তেওঁৰ মনটো অন্য চিন্তাসমূহৰ পৰা ক্ষন্তেক হ’লেও আঁতৰি আহে। অৰ্থাৎ মনোযোগ সলনি হয়। কিছু সময়ৰ বাবে জীৱনৰ সকলো উত্তেজনা আৰু সমস্যা পাহৰি পেলাই। মানুহৰ সম্পূৰ্ণ মনোযোগ এই বাবলে লৈ ল’ব পাৰে। সেয়েহে এজন ব্যক্তিৰ হাতলৈ এই বাবল আহিলেই তেওঁ কেৱল সেয়া ভঙাত ব্যস্ত হৈ আন সকলো কথা পাহৰি যায়। সেয়ে বাবল দেখিলেও একোজন বয়স্ক লোকৰ মনটোও শিশুসুলভ হৈ পৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme