ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ ওচৰত মানৱ জাতি সঁচাকৈয়ে অসহায়। ডিমাহাছাওৰ বান পৰিস্থিতিয়ে চিন্তিত কৰি তুলিছে সচেতন প্ৰতিগৰাকী নাগৰিককেই। অসমৰ ছুইজাৰলেণ্ড হাফলঙৰ এই বিধ্বস্ত ৰূপ কোনেও কাহানিও চাব নিবিচাৰে।
কাৰ ভুলৰ বাবে এনেদৰে ধ্বংসস্তুপত পৰিণত হৈছে হাফলং? এই বিষয়টোৱে সামাজিক মাধ্যমতো লাভ কৰিছে বিশেষ চৰ্চা। প্ৰকৃতিক আৰু ৰুষ্ট নকৰিব বুলি একাংশ পৰিবেশ কৰ্মীয়ে আবেদনো জনাইছে। একাংশই প্ৰশ্ন কৰিছে ব্ৰিটিছে শ বছৰ পূৰ্বেই নিৰ্মাণ কৰা ৰেলপথ অক্ষয় হৈ আছে অথচ দিনচেৰেক পূৰ্বে নিৰ্মাণ কৰা এই পথৰ এনে অৱস্থাৰ বাবে দায়ী কাক কম? দায়ী যিয়েই নহওক ডিমাহাছাওবাসীলৈ সহায়ৰ হাত আগবঢ়োৱাটো এতিয়া সময়ৰ মূখ্য দাবী হৈ পৰিছে।
উল্লেখ্য যে বৰ্তমানো অপৰিৱৰ্তিত হৈ আছে ডিমা হাচাওৰ বান পৰিস্থিতি। বৃহস্পতিবাৰে ডিমা হাচাওলৈ ৰাওনা হোৱাৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো। মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰেৰে পৰ্যবেক্ষণ কৰিব পাৰ্বত্য জিলাখনৰ বান পৰিস্থিতি। সন্ধিয়া ছয় বজাত ৰাজ্য চৰকাৰৰ জৰুৰী কেবিনেট বৈঠকতো বান পৰিস্থিতিকলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।