ডিজিটেল ডেস্কঃ সাৱধানে থাকক অসমবাসী। অসমত সৃষ্টি হব পাৰে প্ৰলয়! কিয়নো শেহতীয়াকৈ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সাৱধানবাণী জাৰি কৰিছে যে, অসম তথা উত্তৰ পূবত প্ৰবলতকৈও প্ৰবল বৰষুণ হব পাৰে। সকলো জনতাক সাৱধান হৈ থাকিবলৈ আহ্বান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ তীব্ৰ বৃষ্টিপাতৰ বাবেই ৰাজ্যৰ বহুকেইজন জিলাত বানৰ তাণ্ডৱ অব্যাহত আছে। হাফলঙত শেহতীয়াকৈ বানে উটুৱাই নিলে ৰেল ষ্টেচন। ঠিক তেনেদৰে কাৰ্বি আংলং, কামপুৰ, হোজাইত বানে ৰুদ্ৰ ৰূপ ধৰিছে। এনে পৰিস্থিতিত আৰু অধিক প্ৰৱল বৃষ্টিপাত হলে কি পৰিস্থিতিৰ সৃষ্টি হব সেয়া সহজেই অনুমেয়।