ডিজিটেল ডেস্কঃ তেওঁৰ নাম ৰতন গগৈ। এদিন মানুহে তেওঁক মহ গোৱালৰ পুতেক বুলি সম্বোধন কৰিছিল। অভাৱ-অনাটনে জুৰুলা কৰা ৰতন গগৈৰ বাৰ্ষিক উপাৰ্জন এতিয়া ১কোটিৰো অধিক। অৰ্থাত এই হিচাপত মাহিলী তেওঁৰ উপাৰ্জন প্ৰায় ৯লাখ টকা।
২০১৬চনত ২১হাজাৰ টকাৰে কেইটামান গাহৰিৰে এখন ফাৰ্ম আৰম্ভ কৰা ৰতন গগৈৰ ফাৰ্মত আজি আছে ৫০০ৰো অধিক ভিন্ন প্ৰজাতিৰ গাহৰি।
লখিমপুৰৰ নিৱাসী ৰতন গগৈয়ে ফাৰ্মখনৰ নাম ৰাখিছে ধুনো-গুণো ফাৰ্ম। সন্তানৰ নামেৰে এই ফাৰ্মখনৰ নাম ৰাখিছে ৰতন গগৈয়ে। কিছুদিনৰ আগেয়ে কষ্টৰ পইচাৰেই ৰতন গগৈয়ে ক্ৰয় কৰিছে প্ৰায় ২০লাখ টকাৰ এখন বিলাসী বাহনো। ২১হাজাৰ টকাত ৭টা গাহৰি আনি ৰতন গগৈয়ে আৰম্ভ কৰা এই ফাৰ্মখন এতিয়া ৰাজ্যৰ ভিতৰতে এখন লেখত লবলগীয়া ফাৰ্ম।
কষ্ট আৰু একাগ্ৰতাৰে কাম কৰি গৈ থকাৰ বাবেই ৰতন গগৈয়ে লাভ কৰি এই সফলতা। চাকৰি বিচাৰি হাবাথুৰি খোৱা বহু যুৱকৰ বাবে প্ৰেৰণাৰ স্থল হব পাৰে ৰতন গগৈ। ব্যৱসায়ত যে ধৈৰ্য আৰু কষ্ট কৰিলে এদিন সফলতা নিশ্চিতভাৱে আহিব তাৰ জলন্ত উদাহৰণ ৰতন গগৈ।