1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 5:25 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

এই বিয়া গ্ৰহণযোগ্য নহয়! মালালাই ইংৰাজক বিয়া কৰাব লাগিছিল…

  • Update Time : Thursday, November 11, 2021

ডিজিটেল ডেস্কঃ মালালা ইউছুফজাই বিয়াত বহাৰ খবৰে দখল কৰিছে সংবাদ শিৰোনাম৷ ভিন্নজনে জনাইছে শুভেচ্ছা৷ নবেল বিজয়ী মালালাৰ বিবাহৰ খবৰকলৈ হৈ চৈ লাগি থকাৰ সময়তে লেখিকা তছলীমা নাছৰিণৰ এটা টুইটে আচম্বিত কৰি তুলিছে সকলোকে৷ কিয় তছলীমাই বিৰোধ কৰিছে এই বিবাহক?

পাকিস্তানীক মালালাই বিয়া কৰোৱাটো গ্ৰহণযোগ্য হ’ব নোৱাৰে!

শান্তিৰ নবেল বিজয়ী মালালা ইউচুফজাই বিশ্বৰে এটা চিনাকী নাম৷ পাকিস্তানৰ নাৰীক শিক্ষাৰ পোহৰেৰে উজলাই তুলিবলৈ চেষ্টা কৰাৰ বাবেই মালালাই লাভ কৰিছিল শান্তিৰ নবেল বটাঁ৷ পাকিস্তানত নাৰী শিক্ষাৰ হকে মাত মতাৰ বাবেই দেশ এৰিব লগা হোৱা মালালাই বৰমালা পিন্ধালে এজন পাকিস্তানী যুৱককে৷ ৯ নৱেম্বৰত মালালাই বিবাহপাশত বান্ধ খালে পাকিস্তানৰ উদ্যোগপতি অসৰ মালিকৰ সৈতে৷ ব্ৰিটেইনৰ বাৰ্মিংহামত নিজা বাসভৱনত অনুষ্ঠিত কৰা বিবাহ অনুষ্টানৰ কথা নিজা সামাজিক মাধ্যমত প্ৰকাশ কৰিলে মালালাই৷

যিখন দেশে মালালাক বহিষ্কাৰ কৰিছে সেইখন দেশৰ বোৱাৰী মালালা!

পাকিস্তানী উদ্যোগপতি অসৰ মালিক আৰু মালালাৰ বিবাহক লৈ সৰৱ হৈ পৰিছে তছলিমা নাছৰিণ৷ টুইটযোগে তছলীমাই প্ৰশ্ন কৰিছে মালালাক৷ তছলীমাই সামাজিক মাধ্যমত লিখিছে, মই খুব হতাশ হৈছো, মালালাই এজন পাকিস্তানীক বিয়া কৰালে৷ মাত্ৰ ২৪ বছৰ বয়সতে বিবাহৰ সিদ্ধান্ত! আমি আশা কৰিছিলো অক্সফৰ্ডত পঢ়ি থকা এগৰাকী ছাত্ৰীয়ে নিশ্চয় এজন প্ৰগতিশীল ইংৰাজৰ প্ৰেমতহে পৰিব৷ বিয়াৰ কথা ৩০ বছৰৰ পূৰ্বে মালালাই ভাৱিব সেই কথা আমিয়েই ভৱা নাছিলো৷ বিয়াত বাৰু বহিল কিন্তু এজন পাকিস্তানী…..!

ক’ত জন্মগ্ৰহন কৰিছিল মালালাই?

১৯৯৭ চনৰ ১২ জুলাই তাৰিখে উত্তৰ পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ সুয়াট জিলাৰ এটা সুন্নী মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মালালাই৷ গাওঁখনৰ সাধাৰণ শিশুসকলৰ দৰেই ডাঙৰ হোৱা মালালাৰ জীৱন সলনি কৰিলে ২০১২ চনত সংঘটিত এটা বিশেষ ঘটনাই৷ পাকিস্তানত নাৰী শিক্ষাৰ প্ৰসাৰ তেতিয়াও অতি পুতৌজনক৷ নাৰীক চাৰিবেৰত আৱদ্ধ কৰি ৰাখিব খোজা সমাজখনৰ মুখত যেন বিদ্যালয়লৈ গৈ মালালাই প্ৰচণ্ড ঘোচা এটাহে শোধাইছিল৷ এদিন বিদ্যালয় অভিমুখে গৈ থকা অৱস্থাত মালালাক আক্ৰমণ কৰে তেহৰিক-ই-তালিবান-পাকিস্তান নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে৷ পিছে সন্ত্ৰাসবাদী সংগঠনটোৰ আক্ৰমণে ৰুদ্ধ কৰিব নোৱাৰিলে মালালাৰ লক্ষ্যক৷ মালালাক আক্ৰমণটোৰ পিছতেই উন্নত চিকিৎসাৰ বাবে ব্ৰিটেইনলৈ লৈ যোৱা হ’ল৷ ব্ৰিটেইনত থাকিও পিছপৰি নৰ’ল মালালা, চলাই গ’ল পাকিস্তানৰ নাৰী শিক্ষা সম্পৰ্কীয় সজাগতা৷ প্ৰতিকুলতাক নেওচি চলাই যোৱা এই সংগ্ৰামৰ বাবেই মালালাই ২০১৪ চনত লাভ কৰে শান্তিৰ নবেল বটাঁ৷ শান্তিৰ নবেল জয়ী মালালাক লৈ পিছে সুখী নহয় পাকিস্তানৰ বহুলোক৷ যাৰবাবেই মালালাই ত্যাগ কৰিব লগা হ’ল দেশ৷ স্থায়ীভাৱে ব্ৰিটেইনত বাস কৰিবলৈ লোৱা মালালাই পাকিস্তানী যুৱকৰ সৈতে বৈবাহিক জীৱন আৰম্ভ কৰাটোৱে এতিয়া জন্ম দিছে বহু প্ৰশ্নৰ৷ উল্লেখ্য যে দেশ বিসৰ্জিতা লেখিকা তছলিমাইয়ো মালালাৰ বিবাহৰ এই সিদ্ধান্তক লৈ নিজা সামাজিক মাধ্যমযোগে অসন্তুষ্ঠি ব্যক্ত কৰা পৰিলক্ষিত হৈছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme